আজি বিখ্যাত কবি, গল্পকাৰ, নাট্যকাৰ তথা ঔপন্যাসিক আলেকজেণ্ডাৰ পুস্কিনৰ ওপজা দিন । ১৭৯৯ চনৰ আজিৰ দিনটোতে তেতিয়াৰ ৰুছ সাম্ৰাজ্যৰ মস্কোত তেওঁৰ জন্ম হৈছিল । তেওঁৰ সম্পূৰ্ণ নামটো আছিল আলেকজেণ্ডাৰ ছেৰ্গেয়েভিছ পুস্কিন । তেওঁ আছিল ৰোমাণ্টিক ধাৰাৰ সাহিত্যিক । তেওঁক ৰাছিয়াৰ সৰ্বশ্ৰেষ্ঠ কবি তথা আধুনিক ৰুছ সাহিত্যৰ জনক আখ্যা দিয়া হয় । ২০০৬ চনত তেওঁৰ জীৱনীমূলক চলচ্চিত্ৰ ‘পুস্কিন : দ্য লাষ্ট ডুৱেল’ মুক্তি পায় । ১৯৭৭ চনত ছোভিয়েট জ্যোতিৰ্বিজ্ঞানী নিকোলাই চেযনিখে আৱিষ্কাৰ কৰা বামন গ্ৰহ এটিৰ নামকৰণ কৰা হয় ২২০৮ পুস্কিন হিচাপে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।