ভাৰতত সন্ত্ৰাসবাদ এক নতুন কথা নহয় ৷ কিন্তু এইবাৰ ভাৰতৰ নহয় বাংলাদেশত নতুনকৈ জন্ম হোৱা এক মৌলবাদী সংগঠনৰ বাবে সমগ্ৰ দেশজুৰি এক ভাবুকিৰ সৃষ্টি হৈছে ৷ জানিবপৰা গৈছে যে ভাৰতত আশ্ৰয় লৈছে বাংলাদেশৰ নতুন মৌলবাদী সংগঠন ‘জামাত-উল-মুজাহিদীনে’ ৷ সেয়েহে অসম সহ সাতখন ৰাজ্যক সতৰ্কবাণী আগবঢ়াইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷বাংলাদেশৰ নাগৰিকৰ ওপৰত সতৰ্ক দৃষ্টি ৰখাৰ বাবেও নিৰ্দেশ দিছে কেন্দ্ৰই ৷
পশ্চিমবংগত সংঘটিত হোৱা বহু ঘটনাৰ সৈতে ‘ জামাত-উল-মুজাহিদীন’ জড়িত থকাৰ তথ্য লাভ কৰিছে ‘নিয়া’ই আৰু সেই তথ্য লাভৰ পিছতেই সমগ্ৰ দেশতে সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷