আগশাৰীৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান ইনফ’ছিছক বিগত সময়ছোৱাত উত্থানত সহায় কৰাৰ বাবে পুৰষ্কৃত কৰা হৈছে প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া সলিল পাৰিখক ৷ তেওঁৰ প্ৰদর্শনত সন্তুষ্টি প্ৰকাশ কৰি প্ৰতিষ্ঠানটোৱে বৃদ্ধি কৰিছে দৰমহা ৷ বিষয়া গৰাকীৰ দৰমহা ৮৮ শতাংশ বৃদ্ধি কৰি বছৰি ৭৯.৭৫ কোটি কৰা হৈছে ৷ প্ৰতিষ্ঠানটোৱে শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ কৰিছে এই তথ্য । অৱশ্যে ইয়াৰে মাত্ৰ ১১ কোটিহে তেওঁৰ নিৰ্দিষ্ট দৰমহা ৷ বাকী ৬৮.৭৫ কোটি হৈছে কামত প্ৰদর্শন ভিত্তিক পাৰিতোষিক।
ইয়াৰ তুলনাত টাটা কনছালটেন্সি চাৰ্ভিচেছ লিমিটেডৰ (টিচিএছ) মুখ্য কাৰ্যবাহী ৰাজেশ গোপীনাথনে ২০২২ বিত্তীয় বৰ্ষৰ সময়ছোৱাত মুঠ ২৫.৮ কোটিৰ দৰমহা লাভ কৰিছিল। অহা ১ জুলাই পৰা আৰম্ভ কৰি ২০২৭ৰ ৩১ মার্চলৈ পাৰেখক কোম্পানীটোৰ চি ই অ’ আৰু এম ডি হিচাপে পুনৰ নিযুক্তি দিয়াৰ সময়তে এই সংশোধিত দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ইনফ’ছিছে প্ৰকাশ কৰা অনুসৰি সলিলৰ নেতৃত্বত কোম্পানীটোৰ মুঠ শ্বেয়াৰহোল্ডাৰ ৰিটাৰ্ণ (টি এছ আৰ) ৩১৪% বৃদ্ধি পাইছে, যিটো একেধৰনৰ আন কোম্পানীসমূহৰ ভিতৰত সৰ্বাধিক ৷