বুধবাৰে শাস্তি প্ৰদানৰ পূৰ্বে জেকেএলএফৰ মুৰব্বী য়াছিন মালিকৰ ঘৰৰ বাহিৰত দেশবিৰোধী শ্ল’গান আৰু শিলগুটি নিক্ষেপৰ বাবে কমেও ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্ৰীনগৰ আৰক্ষীয়ে এই কথা জনাইছে যে কালি মাইচুমাত শাস্তি প্ৰদানৰ পূৰ্বে ইয়াছিন মালিকৰ ঘৰৰ বাহিৰত দেশবিৰোধী শ্ল’গান আৰু শিলগুটি নিক্ষেপত এতিয়ালৈকে ১০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে লগতে কৈছিল যে আন সকলো ক্ষেত্ৰ শান্তিপূৰ্ণ হৈ আছিল আৰু যুৱক-যুৱতীসকলক পুনৰ তেওঁলোকৰ কেৰিয়াৰ নষ্ট কৰিব পৰা আৰু পৰিয়ালবোৰ ব্যাহত কৰিব পৰা কাৰ্যকলাপত লিপ্ত নহ’বলৈ অনুৰোধ জনোৱা হৈছে।
“আনসকলক চিনাক্ত কৰা হৈছে আৰু সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব। ইউএলপিএ আৰু আইপিচিৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এই গুণ্ডামিৰ মুখ্য প্ৰৰোচকসকলক পিএছএৰ অধীনত গোচৰ ৰুজু কৰা হ’ব। এনে ধৰণৰ দেশবিৰোধী কাৰ্যকলাপ আৰু উচতনিমূলক ভঙ্গী সদায় কঠোৰভাৱে আৰু আইনৰ সম্পূৰ্ণ শক্তিৰে মোকাবিলা কৰা হ’ব,” বুলিও আৰক্ষীয়ে টুইট কৰে।
ইয়াছিন মালিকক বুধবাৰে দিল্লীৰ বিশেষ এনআইএ আদালতে সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত ১০.৭৫ লাখ জৰিমনাৰ সৈতে আজীৱন কাৰাদণ্ডৰে দন্দিত কৰিছে।