আজি বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক তথা অনুবাদক দিলীপ বৰুৱাৰ স্মৃতি দিৱস । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাকত-পত্ৰিকাৰ উপৰি গ্ৰন্থাকাৰেও প্ৰকাশিত অনেক গৱেষণামূলক প্ৰবন্ধৰ লেখক ডঃ বৰুৱাৰ ‘কবিতাৰ ভৱিষ্যত : পঞ্চদশকৰ সাহিত্য পৰম্পৰা’, ‘যোৱা শতিকাৰ কবিতা : অসমীয়া নৱন্যাসী সাহিত্যৰ পৰম্পৰা’ আদি উল্লেখযোগ্য সমালোচনামূলক গ্ৰন্থ । ‘ছন পৰা মাটি’ আৰু ‘আধুনিক মহাদেশীয় কবিতা’ তেওঁৰ দুখন বিশেষ অনুবাদ গ্ৰন্থ । ডঃ নগেন শইকীয়াৰ ভাষাত তেওঁ ৰামধেনু যুগৰ এগৰাকী আগশাৰীৰ কবি আৰু সমালোচক আছিল । শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা বৰুৱাই কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়, পশ্চিম বংগৰ বৰ্ধমান বিশ্ববিদ্যালয়, ছিমলাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এডভান্সড ষ্টাডিজ, পশ্চিম বংগৰ মেদিনীপুৰৰ বিদ্যাসাগৰ বিশ্ববিদ্যালয় আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ত কৃতিত্বৰে অধ্যাপনা কৰিছিল । তেওঁ অসম সাহিত্য সভাৰ হাইলাকান্দি অধিৱেশনৰ কবি সন্মিলনত সভাপতিত্ব কৰিছিল । ২০২১ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল ।এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ স্মৃতি দিৱস । তেওঁ একেৰাহে ১৭ বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ এগৰাকী ৰাজনীতিকৰ উপৰি লেখকো আছিল । তেওঁ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধাও আছিল । বিশ্ব ইতিহাসৰ জিলিঙণি, দ্য ডিস্ক’ভাৰী অব ইণ্ডিয়া’ আৰু আত্মকথা তেওঁ ৰচিত গ্ৰন্থ । ১৯৫৫ চনত তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰা হয় । শিশুসকলৰ প্ৰতি তেওঁৰ বিশেষ মৰম আছিল । শিশুহঁতৰ বাবে তেওঁ আজিও ‘নেহৰু খুৰা’ । তেওঁৰ ওপজা দিনটোক (১৪ নৱেম্বৰ) ভাৰতত শিশু দিৱস হিচাপে পালন কৰা হয় ।১৯৬৪ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী নেতালৈ আমাৰ প্ৰণাম ।