আজি পুৱাৰ ভাগত বিশেষ অভিযানকাৰী গোট আৰু গড়চুক আৰক্ষীয়ে বিশ্বস্ত খবৰৰ ভিত্তিত যুটীয়াভাবে চলোৱা এক অভিযানত মহানগৰীৰ আই এছ বি টিত জব্দ কৰে বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ। আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৱাহিদুৰ ৰহমান নামৰ ড্ৰাগছ সৰবৰাহকাৰীক।
জানিবপৰা মতে ডিমাপুৰৰ পৰা প্ৰথমে গোলাঘাট আৰু আৰু তাৰ পিছত গুৱাহাটিলৈ সৰবৰাহ কৰা হৈছিল ড্ৰাগছ খিনি ৷ জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য কেইবা লক্ষ টকা বুলি জনাইছে আৰক্ষীয়ে ৷ আনহাতে ধৃত ৱাহিদুৰৰ পৰা আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে ৫টা পেকেট ৷ৱাহিদুৰে বাছযোগে সৰবৰাহ কৰিছিল ড্ৰাগছ আৰু মহানগৰীৰ কেইবাটাও পেডলাৰক দিয়া কথা আছিল ড্ৰাগছখিনি ৷ ইতিমধ্যে ৱাহিদুৰক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰাৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
উল্লেখ যোগ্য যে অসম চৰকাৰে ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ এবছৰ পিছত অসম আৰক্ষীয়ে ৫৪৮.৫৩ কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিছে। বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত ৰাজ্যিক আৰক্ষীয়ে নাৰ্কোটিক্স ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত ২৮৩৪ টা গোচৰ ৰুজু কৰিছে আৰু এতিয়ালৈকে ৪৮৩৮ৰো অধিক ড্ৰাগ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে জব্দ কৰা ঔষধবোৰৰ ভিতৰত আছে ৯৪ কিলোগ্ৰাম হেৰোইন, ২২,৩৪৮ কিলোগ্ৰাম গাঞ্জা, ১৮৭ কিলোগ্ৰাম আফিম, ৩৮ লাখ টেবলেট য়াবা, মেথাম্ফেটামিন আৰু কেফেইনৰ সংমিশ্ৰণ, আৰু অন্যান্য টেবলেট, ২.২লাখ কাহ চিৰাপৰ বটল, ২১৪ কিলোগ্ৰাম গাঞ্জা আৰু ০.৩১কিলোগ্ৰাম কোকেইন। আৰক্ষীয়ে অতিৰিক্তভাৱে এই মাহৰ প্ৰথম সপ্তাহলৈকে ৬৪৮ বিঘা আফিম খেতি আৰু ৩২ বিঘা গাঞ্জা খেতি ধ্বংস কৰিছিল।