আজি ২৭ মে’ত ভাৰতত ২৪ কেৰেট অৰ্থাৎ দহ গ্ৰাম বিশুদ্ধ সোণৰ মূল্য ৫১,৯৮০ টকা ৷ আনহাতে কালি ভাৰতত দহ গ্ৰাম বিশুদ্ধ সোণৰ বিক্ৰী মূল্য আছিল ৫২,২৫০ টকা ৷ অৰ্থাৎ আজি দহ গ্ৰাম বিশুদ্ধ সোণৰ মূল্য ৫২,২৫০টকাৰ পৰা ২৭০ টকা হ্ৰাস পাই ৫১,৯৮০ টকা হৈছেগৈ ।আনহাতে কালি ৬২,০০০ টকাৰ ক্ৰয় মূল্যৰ পৰা ৫০০ টকা হ্ৰাস হোৱাৰ পিছত আজি এক কিলোগ্ৰাম ৰূপৰ মূল্য হৈছে ৬১,৫০০ টকা ।
মাচুল, ৰাজ্যিক কৰ আৰু আবকাৰী শুল্কৰ দৰে গুৰুত্বপূৰ্ণ কাৰকৰ বাবে সোণৰ হাৰ দৈনিক সলনি হোৱা দেখা যায়। জানোচোন আহক অজি দেশৰ বিভিন্ন উল্লেখনীয় চহৰত সোণৰ মূল্য কিমান:-
গুড ৰিটাৰ্ণছ ৱেবছাইটঅনুসৰি মুম্বাই, নতুন দিল্লী আৰু কলকাতাত ১০ গ্ৰাম অৰ্থাৎ২২ কেৰেট মান্য সোণ ৪৭,৬৫০ টকাত বিক্ৰী কৰা হৈছে।ইফালে চেন্নাইত একে পৰিমাণৰ মূল্যৱান হালধীয়া ধাতুবিধ বিক্ৰী কৰা হৈছে ৪৭,৬৫০ টকাত ।
লক্ষ্ণৌ আৰু মাদুৰাইত ১০ গ্ৰাম অৰ্থাৎ ২২কেৰেট মান্য সোণ ক্ৰমান্বয়ে ৪৭,৮০০ টকা আৰু ৪৭,৬৫০ টকাত খুচুৰা বিক্ৰী কৰা হৈছে। আনহাতে একে পৰিমাণৰ ২৪-কেৰেট বিশুদ্ধ সোণৰ মূল্য লক্ষ্ণৌত ৫২,১৩০ টকা আৰু মাদুৰাইত ৫১,৯৮০ টকা।
কেৰালা, হায়দৰাবাদ আৰু বেংগালুৰুকে ধৰি অঞ্চলবোৰত, ১০ গ্ৰাম অৰ্থাৎ ২২ কেৰেট মান্য সোণৰ মূল্য ৪৭,৬৫০ টকাত উপনীত হৈছে। মহীশূৰ, বিজয়ৱাড়া আৰু ভুৱনেশ্বৰত, একে পৰিমাণৰ ২২-কেৰেট বিশুদ্ধ সোণৰ মূল্য হৈছে ৪৭,৬৫০ টকা। অৱশ্যে ওপৰোক্ত সকলো ক্ষেত্ৰত ১০ গ্ৰাম ২৪-কেৰেট সোণৰ মূল্য হৈছে ৫১,৯৮০ টকা।
বদোদৰা আৰু জয়পুৰত, ১০ গ্ৰাম (২২ কেৰেট)সোণৰ মূল্য ক্ৰমান্বয়ে ৪৭,৭০০ টকা আৰু ৪৭,৮০০ টকা হৈছেগৈ। একে পৰিমাণৰ ২৪-কেৰেট বিশুদ্ধ সোণৰ মূল্য হৈছে বদোদৰাত ৫২,০৩০ টকা আৰু জয়পুৰত ৫২,১৩০ টকা।
চুৰাটত ১০ গ্ৰাম অৰ্থাৎ ২২ কেৰেট মান্য সোণৰ মূল্য ৪৭,৬৮০ টকা আৰু আৰু পাটনাত ৪৭,৭০০ টকা। আনহাতে চুৰাটত একে পৰিমাণৰ ২৪-কেৰেট বিশুদ্ধ সোণৰ মূল্য ৫২,০১০ টকা আৰু পাটনাত ৫২,০৩০ টকা।
মাল্টি কমোডিটি এক্সচেঞ্জৰ (এমচিএক্স) তালিকা অনুসৰি, এই বছৰত সোণৰ মূল্য ০.২০ শতাংশ বৃদ্ধি হৈ ৫০,৯২০.০০ টকা হৈছে। আনহাতে ৰূপৰ মূল্যই ০.৪৩ শতাংশ বৃদ্ধি পাই আৰু ৬১,৭৯৯.০০ টকাত থিতাপি লৈছে।