আজি সাহিত্যিক, সমালোচক অতুল চন্দ্ৰ বৰুৱাৰ ওপজা দিন । ১৯১৬ চনৰ আজিৰ দিনটোতে দৰং জিলাৰ মাৰৈত তেওঁৰ জন্ম হৈছিল । শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা বৰুৱাই পিছলৈ এগৰাকী প্ৰশাসনিক বিষয়া হৈছিল । সাহিত্যৰ এই নীৰৱ সাধকগৰাকীয়ে সাহিত্যৰ ৰূপৰেখা, সমালোচনা সাহিত্য, গল্প ভাৰতী, অসমীয়া কাব্যত প্ৰেমৰ বোঁৱতী সুঁতি, অসমীয়া লোকসাহিত্য, সন্ধিয়াৰ সাধু আদি গ্ৰন্থ অসমীয়া সাহিত্যৰ ভঁৰাললৈ উপহাৰ দি গৈছে । ১৯৭৯ চনত শুৱালকুছিত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি ভাষাতাত্বিক পণ্ডিত, সাহিত্যিক তথা শিক্ষাবিদ ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ স্মৃতি দিৱস । ভাষাতত্ত্বৰ উপৰি সংগীত, চিত্ৰকলা আদি বিষয়তো তেওঁৰ অভিৰুচি আছিল । তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্বৰ প্ৰথমগৰাকী অধ্যাপক আছিল । ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক ভাষাচাৰ্য উপাধি প্ৰদান কৰিছিল । Origin and Development of the Bengali Language তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ । তেওঁ সাহিত্য বাচস্পতি, পদ্মবিভূষণ আদি সন্মানো লাভ কৰে । ১৯৭৭ চনৰ আজিৰ দিনটোতে কলিকতাত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী ভাষাতাত্ত্বিকলৈ আমাৰ প্ৰণাম ।
আজি ভাৰতীয় থিয়েটাৰ তথা হিন্দী চলচ্চিত্ৰ উদ্যোগৰ অগ্ৰদূত পৃথ্বীৰাজ কাপুৰৰ স্মৃতি দিৱস । তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নিৰ্বাক যুগতে অভিনয়েৰে কৰ্মজীৱনৰ পাতনি মেলিছিল । প্ৰথমখন সবাক চলচ্চিত্ৰ ‘আলম আৰা’তো তেওঁ অভিনয় কৰিছিল । ১৯৪৪ চনত তেওঁ মুম্বাইত ভ্ৰাম্যমাণ থিয়েটাৰ কোম্পানী পৃথ্বী থিয়েটাৰ প্ৰতিষ্ঠা কৰিছিল । তদুপৰি তেওঁ আছিল ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সদস্য । ১৯৬৯ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰে । ১৯৭১ চনত তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাও লাভ কৰে । ১৯৭২ চনৰ আজিৰ দিনটোতে তেওঁ নৰনাটৰ যৱনিকা পেলায় । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।