১৯৭০ৰ দশকত ইয়াৰ দেয় তাৰিখৰ ৪৬ বছৰ পিছত কিতাপ এখন কেনেদৰে পুথিভড়ালটোলৈ ঘূৰি আহিল সেই কথা জনাই সামাজিক মাধ্যম প্লেটফৰ্ম ফেইচবুকত কেইখনমান ফটো শ্বেয়াৰ কৰিছে ওকলাহোমাৰ ‘ওৱাচো লাইব্ৰেৰী’য়ে ৷ওকলাহোমাৰ ওৱাচো লাইব্ৰেৰীয়ে লেখক মলি কোনৰ ‘এনি এনি’নামৰ উপন্যাসখন দেয় তাৰিখৰ ৪৬ বছৰৰ পিছত লাভ কৰিছে। লাইব্ৰেৰীটোৱে কিতাপখনৰ এটা স্নেপশ্বট সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগতে ইয়াৰ ভিতৰত থকা এখন কাৰ্ডো ফেচবুকত শ্বেয়াৰ কৰিছে। উল্লেখযোগ্য যে ১৯৭৬ চনৰ ৮ ছেপ্টেম্বৰত কিতাপখন ঘূৰাই দিয়াৰ কথা আছিল পুথিভঁৰাললৈ ।
লাইব্ৰেৰীটোৱে ফটোবোৰ ফেচবুকত শ্বেয়াৰ কৰাৰ লগতে এটা শিৰোনাম দিছিল, “যিজনে এনি এনিৰ এই প্ৰতিলিপিটো আমাক ঘূৰাই দিছিল তেওঁক ধন্যবাদ! এই কিতাপখন ১৯৭৬ চনৰ ৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় পুথিভঁৰাললৈ ঘূৰি অহাৰ কথা আছিল। ঘূৰি আহিছে মাত্ৰ ৪৬ বছৰৰ পিছত।”
২৭ মে’ত সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এই পোষ্টে এতিয়ালৈকে ৰাইজৰ যথেষ্ট সহাৰি লাভ কৰিছে। লগতে বহু পামকৰ মন্তব্যও লাভ কৰিছে পোষ্টটোৱে।