শিশুৰ সোণালী ভৱিষ্যতৰ বাবে দেশে গ্ৰহণ কৰা এক দৃঢ় পদক্ষেপৰ অংশ হিচাপে গ্ৰহণ কৰা পি এম কেয়ার্ছ আঁচনিখনৰ সৱিশেষ বাখ্যাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে এই আঁচনিৰ ৪ হাজাৰৰো অধিক হিতাধিকাৰীলৈ ব্যক্তিগত পত্ৰ প্ৰেৰণ কৰে ৷ য’ত তেওঁ ইয়াৰ বিভিন্ন সুবিধাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি কয় যে যিসকলে শিশুৱে কোভিড-১৯ মহামাৰীৰ সময়ত পিতৃ-মাতৃক হেৰুৱাইছিল তেওঁলোকে বিভিন্ন সা-সুবিধা লাভ কৰিব পাৰিব।
প্রায় এশ বছৰ পূর্বে তেওঁৰ পৰিয়ালে ভোগ কৰা অনুৰূপ শোকাৱহ ঘটনাৰ অভিজ্ঞতাও প্ৰকাশ কৰি প্রধানমন্ত্রী মোদীয়ে এই শিশুসকলক আশ্বাস দিয়ে যে এই কঠিন সময়ত সমগ্র দেশ তেওঁলোকৰ লগত থিয় দিছে ৷ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে শ্বেয়াৰ কৰিছে এই পত্ৰ। শিশুৰ বাবে পি এম কেয়ার্ছ আঁচনিখন শিশুসকলৰ সোণালী ভৱিষ্যতৰ বাবে দেশে গ্ৰহণ কৰা এক দৃঢ় পদক্ষেপ বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।তেওঁ কয় ,”এই আঁচনিৰ জৰিয়তে আপুনি মুক্তভাৱে সপোন দেখিব পাৰিব আৰু আপোনাৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰাৰ ক্ষেত্ৰত কোনো প্ৰচেষ্টাৰ অভাৱ নহ’ব ৷”ইংৰাজী, হিন্দী আৰু আঞ্চলিক ভাষাত লিখা চিঠিখনত প্ৰধানমন্ত্ৰীয়ে মাতৃয়ে শৈশৱত কোৱা কেইটামান কথাও উল্লেখ কৰিছে ৷ তেওঁ কয় যে তেওঁৰ পৰিয়ালেও প্ৰায় ১০০ বছৰ পূৰ্বে একেধৰণৰ ট্ৰেজেডী আৰু যন্ত্ৰণাৰ মাজেৰে পাৰ হৈছিল।মোদীয়ে লিখিছে “এশ বছৰৰ আগতে যেতিয়া সমগ্ৰ বিশ্বই আজিৰ দৰে ভয়ানক মহামাৰীৰ কবলত পৰিছিল, তেতিয়া মোৰ মাতৃয়ে তেওঁৰ মাক অৰ্থাৎ মাতৃৰ ফালৰ আইতাক হেৰুৱাই পেলাইছিল। মা ইমানেই সৰু আছিল যে তেওঁৰ মাকৰ মুখখনো মনত নাই। তেওঁ গোটেই জীৱনটো মাতৃৰ অনুপস্থিতিত, মৰম নোপোৱাকৈ পাৰ কৰিলে।কল্পনা কৰক যে তেওঁ কেনেকৈ ডাঙৰ-দীঘল হৈছে। সেয়েহে আজি মই আপোনাৰ মনত থকা যন্ত্ৰণা, আপোনাৰ হৃদয়ত থকা সংঘাত অতি ভালদৰে বুজিব পাৰিছো।’
এজন অভিভাৱকৰ উপস্থিতি এটা শিশুৰ বাবে সদায় এক বৃহৎ সমৰ্থন বুলিও তেওঁ কয়। গতে তেওঁ কয় “এতিয়ালৈকে আপোনাৰ পিতৃ-মাতৃয়ে আপোনাক ভাল-বেয়াৰ পাৰ্থক্যৰ কথা কৈছিল আৰু আপোনাক পথ প্ৰদৰ্শন কৰিছিল। আজি যেতিয়া তেওঁলোক আপোনাৰ লগত নাথাকে, তেতিয়া আপোনাৰ দায়িত্ব আগৰ তুলনাত অধিক বৃদ্ধি পাইছে।আপোনাৰ জীৱনৰ এই শূন্যতা পূৰণ কৰাটো কাৰো বাবে সম্ভৱ নহয় ৷ কিন্তু আপোনাৰ পৰিয়াল হিচাপে মই আপোনাক আশ্বস্ত কৰিছো যে আপোনাৰ সংগ্ৰাম, অসুবিধা, আৰু আপোনাৰ ভাল-বেয়া সময়ত আপুনি অকলশৰীয়া নহয়। সমগ্ৰ দেশ আপোনাৰ লগত আছে।” এই আঁচনিৰ সুবিধাসমূহ পত্ৰৰ সৈতে সংলগ্ন কৰা হৈছিল। এই সুবিধাসমূহৰ ভিতৰত আছে বিনামূলীয়া বিদ্যালয় শিক্ষাৰ লগতে উচ্চ শিক্ষাৰ বাবে ঋণৰ সাহায্য, আয়ুস্মান ভাৰত যোজনাৰ অধীনত ১৮ বছৰ বয়সলৈকে ৫ লাখ পৰ্যন্ত স্বাস্থ্য বীমা, পি এম কেয়াৰে বীমাৰ প্ৰিমিয়াম পৰিশোধ কৰা আৰু ব্যক্তিগত প্ৰয়োজনৰ বাবে মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান ৷ আন আন সুবিধাসমূহ হ’ল – ২৩ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত ১০ লাখ টকাৰ সাহায্য, প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰি ২০ হাজাৰ টকাৰ বৃত্তি, দক্ষতা প্ৰশিক্ষণৰ বাবে কৰ্ম বৃত্তি, ২০২০ চনৰ বাবে স্বনাথ বৃত্তি কাৰিকৰী শিক্ষা, উচ্চ শিক্ষানুষ্ঠানত (আই আই টি, আই আই এম) অধ্যয়নৰ বাবে প্ৰতি বছৰে ২.৫ লাখ টকা বৃত্তি আৰু ৫০,০০০ টকাৰ এককালীন সাহায্য ৷