নেপালৰ পাহাৰীয়া মুস্তাংগ জিলাত দেওবাৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা টাৰা এয়াৰ বিমানখনৰ ধ্বংসাৱশেষৰ পৰা মঙলবাৰে উদ্ধাৰকাৰীয়ে শেষৰটো মৃতদেহ উদ্ধাৰ কৰে ৷ ইয়াৰ লগে লগে বিমানখনত থকা চাৰিজন ভাৰতীয়কে ধৰি ২২ জন লোকৰ মৃত্যু হোৱাটো নিশ্চিত হৈ পৰে ৷ বেয়া বতৰৰ মাজতে পাহাৰীয়া মুস্তাংগ জিলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা টাৰ্বোপ্ৰপ টুইন অটাৰ ৯এন-এইটি বিমানৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰকাৰীয়ে ২১টা মৃতদেহ উদ্ধাৰ কৰাৰ এদিন পিছতে নেপালৰ কৰ্তৃপক্ষই মঙলবাৰে পুৱা শেষৰটো মৃতদেহ উদ্ধাৰৰ বাবে পুনৰ অনুসন্ধান অভিযান আৰম্ভ কৰে।
নেপাল সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল নাৰায়ণ ছিলৱালে টুইটযোগে কয়-“শেষৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাস্থলীৰ পৰা বাকী ১২টা মৃতদেহ কাঠমাণ্ডুলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।’ নেপালৰ অসামৰিক বিমান পৰিবহণ প্ৰাধিকৰণৰ মুখপাত্ৰ দেওচন্দ্ৰ লাল কৰ্ণাই কয়, ‘আজি (মঙলবাৰে) পুৱা অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে আৰু এটা মৃতদেহ উদ্ধাৰ কৰাৰ লগে লগে দুৰ্ঘটনাস্থলীৰ পৰা ২২টা মৃতদেহৰ উদ্ধাৰ কৰা হৈছে।
দূর্ঘটনাটোত প্ৰাণ হেৰুওৱা চাৰিজন ভাৰতীয় হৈছে অশোক কুমাৰ ত্ৰিপাঠী, তেওঁৰ পত্নী বৈভৱী বন্দেকাৰ (ত্ৰিপাঠী) আৰু দুই সন্তান ধনুষ আৰু ৰিতিকা বুলি চিনাক্ত কৰিছে। মুম্বাইৰ সমীপৱৰ্তী থানে চহৰৰ বাসিন্দা আছিল এই পৰিয়ালটো। পোখাৰাৰ পৰা মধ্য নেপালৰ জনপ্ৰিয় পৰ্যটন চহৰ জোমছমলৈ উৰা মৰাৰ সময়তে দুর্ঘটনাত পতিত কানাডাত নিৰ্মিত এই বিমানখনত তিনিজন নেপালী ক্ৰুৰ উপৰি চাৰিজন ভাৰতীয়, দুজন জাৰ্মান আৰু ১৩ জন নেপালী যাত্ৰী আছিল। বিমান দুৰ্ঘটনাত ক্ৰু সদস্য আৰু যাত্ৰীৰ মৃত্যুত ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰী আৰু প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই শোক প্ৰকাশ কৰিছে। তাৰা এয়াৰৰ বিমান দুৰ্ঘটনাৰ কাৰণ জানিবলৈ চৰকাৰে জ্যেষ্ঠ বিমান পৰিবহণ অভিযন্তা ৰতীশ চন্দ্ৰ লাল সুমনৰ নেতৃত্বত পাঁচজনীয়া তদন্ত আয়োগ গঠন কৰিছে। সোমবাৰে সংসদৰ আন্তঃৰাষ্ট্ৰীয় সমিতিৰ এখন বৈঠকত চি এ এ এনৰ সঞ্চালক প্ৰধান প্ৰদীপ অধিকাৰীয়ে কয় যে প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি বিমানখন বেয়া বতৰৰ বাবে বাওঁফালে ঘূৰি যোৱাৰ পৰিৱৰ্তে সোঁফালে ঘূৰি যোৱাৰ পিছতে পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।