কেতিয়াবা আমাৰ পেট চিকুট মাৰি ধৰে , কেতিয়াবা পেট বিষায় , পেট ফুলে । শৌচ হোৱা সময়ত বিষ কম হয় আকৌ শৌচ হোৱাৰ পিছত বিষ বেছি হয়। বন দৰবেৰে আমি ইয়াৰ প্ৰতিকাৰ কৰিব পাৰো-
১) পিঁয়াজৰ ৰসৰ লগত (৫০গ্ৰাম ) অলপ চেনি মিহলি কৰি খালে পেট কামোৰণি ভাল হয়।
২) নহৰুৰ ৰস ১০ মিলি লিটাৰ উলিয়াই অকণমান নিমখ মিহলি কৰি খালে পেট কামোৰণি ভাল হয়।
৩) ২ চামুচ মূলাৰ ৰসত নিমখ মিহলি কৰি মিচিৰিৰ সৈতে খাব লাগে।
৪) পদিনা , মূলা আৰু অলপ চেনি মিশ্ৰণ কৰি খালে পেটৰ বিষৰ জটিলতা একেবাৰে নাইকিয়া হয়।
৫) ৫০ গ্ৰাম নৰসিংহৰ পাতৰ ৰস উলিয়াই অলপ পানী মিশ্ৰণ কৰি খালে পেট কামোৰণি ভাল হয়।
৬) চফগুটি আৰু ক’লা নিমখ পিহি গৰম গাখীৰৰ সৈতে খাব লাগে।
৭) ৩ / ৪ বছৰীয়া পুৰণি কুঁহিয়াৰৰ ৰস ১০০ মিঃ লিঃ দিনে দুইবাৰ খালে যথেষ্ট উপকাৰ হয়।
৮) দুই চামুচকৈ আদাৰ ৰস আৰু মৌজল মিহলি কৰি অলপ গৰম পানীৰ লগত খালে সুফল পোৱা যায়।
৯) পদিনা , হিং , জিৰা , জালুক , নিমখ একেলগে পিহি খালে পেট কামোৰণি ভাল হয়।
১০) মুচন্দৰী এক মূুঠি ৫ / ৬ ফুটা নহৰুৰ লগত খাব লাগে।
মহানিম , থেকেৰা , শিলিখা , কুঁহিয়াৰৰ ৰস , চিৰতা তিতা , মগু দাইল , গৰমপানী , নেমুৰ ৰস আদি উপকাৰী।