আজি জনতা ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অ-বড়ো ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আহুতি দিয়া ১৮ গৰাকী ব্যক্তিৰ নিকটাত্মীয়ক ৫ লাখ টকাকৈ প্ৰদান কৰি উক্ত অনুষ্ঠানতে বড়ো আন্দোলনৰ সময়ত যিসকল আদিবাসী লোকে ঘৰ-মাটি হেৰুৱাই সৰ্বস্বান্ত হৈছিল তেওঁলোকৰ কল্যাণৰ বাবে বিশেষ পুঁজি আবণ্টনৰ উদ্যোগ লোৱা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
আনহাতে উন্নয়নৰ ক্ষেত্ৰত পিছপৰি ৰোৱা বিটিআৰ অঞ্চলৰ অতি পিছপৰা ঠাইসমূহত পথ, দলং আদি নিৰ্মাণৰ উদ্যোগ লোৱা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে যে, ‘দীৰ্ঘসময় বড়োভূমি পৃথক ৰাজ্য গঠনৰ দাবীৰে আন্দোলন চলিছিল ৷ যদিওৱা একাংশই এই পৃথকতা কেতিয়াও বিচৰা নাছিল ৷ প্ৰত্যকটো জনগোষ্ঠীয়ে হাতত অস্ত্ৰ তুলি লৈছিল বড়োভূমিত ৷ এনেকৈ চলি থাকিলে অসম মাতৃ ৰক্তাক্ত হৈ থাকিলহেঁতেন ৷ দুজন মানুহৰ মাজত কাজিয়া লগোৱা বহুত সহজ৷ কিন্তু সমাধান কোনেও বিচৰা নাছিল ৷ সেয়া একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে সম্ভৱ হৈছে। অসমৰ জনজাতি লোকসকল আটাইতকৈ পুৰণি খিলঞ্জীয়া লোক৷ তেওঁলোকৰ সমস্যা প্ৰথমে সমাধান হ’ব লাগিব৷ অসমত তেজৰ ফাকু নহয়, টেবুলত বহি আলোচনা কৰিব লাগিব৷ বড়ো ভাষা স্বীকৃতি দিয়া মানে অসমীয়া ভাষা বিলুপ্তি নহয়।‘