অৱশেষত বৃহস্পতিবাৰে অসম-মিজোৰাম সীমা বিবাদৰ কেন্দ্ৰ কৰি আইজলত অনুষ্ঠিত হোৱা বৈঠকত দুই ৰাজ্যৰ মাজত এক চুক্তি স্বাক্ষৰিত হ‘য়।
মিজোৰামৰ ৰাজধানী চহৰৰ আইজল ক্লাৱত অনুষ্ঠিত হোৱা সভাত অসমৰ পৰা যোৱা দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘালৰ লগতে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত তথা সচিব জিডি ত্ৰিপাঠীও উপস্থিত থাকে।
অসমৰ পৰা যোৱা দলটোৰ লগত মিজোৰাম চৰকাৰৰ গৃহ মন্ত্ৰী লালছাৰ্মিলীয়ানাৰসহ গৃহ বিভাগৰ বিষয়াৰ দলৰ সৈতে এক আলোচনাত মিলিত হ‘য়।
আলোচনাৰ অন্তত দুয়ো ৰাজ্যৰ নেতৃবৃন্দই এক সিদ্ধান্তত উপনীত হ’য় যে দুয়োখন ৰাজ্যৰ মাজত থকা দীৰ্ঘদিনীয়া সীমা সমস্যাৰ অন্ত পেলাই দুয়ো ৰাজ্যৰ মাজত ভাতৃত্ববোধ ভাৱেৰে শান্তি-সমৃদ্ধি অটুত ৰাখিব।
চুক্তি অনুসৰি দুয়ো ৰাজ্যৰ সীমান্তত ভাৰত চৰকাৰৰ নিৰপেক্ষ বাহিনী নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। চুক্তি পত্ৰত স্বাক্ষৰ কৰাৰ পিছতেই সবিশেষ জনাই মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে সেই সন্দৰ্ভত টুইট কৰি সবিশেষ ব্যক্ত কৰে।
উল্লেখযোগ্য যে অসম-মিজোৰামৰ মাজত সৃষ্টি হোৱা বিবাদত মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ ৬ জন জোৱান আৰু এজন অসামৰিক লোকৰ মৃত্যু হৈছিল।
আলোচনাৰ শেষত মিজোৰাম চৰকাৰে ২৬ জুলাইত সংঘটিত হোৱা ঘটনাত নিহত সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰে।