গুৱাহাটী মহানগৰীৰ পদপথ ব্যৱসায়ী সকলক অতি শীঘ্ৰেই পদপথ খালী কৰাৰ আহ্বান জনাইছে জি এম ছি কৰ্তৃপক্ষই ৷ উচ্ছেদ কৰা হ’ব পদপথৰ সকলো দোকান ৷ মেয়ৰ মৃগেণ শৰণীয়াই জানিবলৈ দিয়ে এই কথা ৷
যি সকলে পদপথত ব্যৱসায় কৰি আছে ,সেয়া কটন কলেজৰ সন্মূখতেই হওঁক বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মূখতেই হওঁক সকলোতেই চলোৱা হ’ব উচ্ছেদ অভিযান ৷ ভাৰ লৈ ঘৰে ঘৰে গৈ ব্যৱসায় চলাবলৈ আহ্বান জনাইছে মেয়ৰ গৰাকীয়ে ৷ তেওঁ লগতে কয় যে তেওঁ লোক যাতে দুখীয়া মানুহ বুলি প্ৰশ্ন উত্থাপিত নহয় ৷ কাৰণ তেওঁলোকৰ প্ৰতি সদায় সহানুভূতি আছে বুলি উল্লেখ কৰে মৃগেন শৰণীয়াই ৷
আনহাতে এই ঘোষণাক লৈ ক্ষোভ উজাৰিছে পদপথ ব্যৱসায়ী সন্থাই ৷ কাৰণ পদপথৰ ব্যৱসায়ৰ ক্ষেত্ৰত গুৱাহাটীত ভেণ্ডিং জ’নৰ অভাৱ বুলি অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ী সকলে ৷ ছটা ভেণ্ডিং জ’ন আছে যদিও সেয়াও স্পষ্ট নহয় বুলি জানিবলৈ দিছে সংস্থাটোৱে ৷ মহানগৰীত ভেণ্ডিং জ’নৰ দাবী কৰি প্ৰয়োজনত গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ দিছে পদপথৰ ব্যৱসায়ী সংস্থাটোৱে ৷
৷