শেহতীয়াকৈ ৰাজ্যত সংঘটিত এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ একাংশই এই এনকাউণ্টাৰৰ তদন্তৰো দাবী উত্থাপন কৰিছে ৷ সমান্তৰালভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ ৷ এই গোচৰতে বিগত ৫ বছৰত ৰাজ্যত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামী তথা আচামী পলায়ন কৰাৰ সময়ত লগত কেইজন আৰক্ষী আছিল তাৰ সৱিশেষ তথ্য সামৰি শপতনামা দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিছে ৷ যাৰ পাছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ উচ্চ ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিত প্ৰতিখন আৰক্ষী থানালৈ জাননী প্ৰেৰণ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ প্ৰত্যক খন থানাকে এই সন্দর্ভত যাৱতীয় তথ্য দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে এই জাননীৰ জৰিয়তে ৷