ডিমাপুৰত নগা শান্তি চুক্তিক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকত শান্তি আলোচনাৰ অগ্ৰগতি সন্দৰ্ভত বুজ ল’লে এন ই ডি এৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ নাগালেণ্ডৰ সংসদীয় ক’ৰ কমিটীৰ সদস্যসকলৰ সৈতে বৈঠক অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ ৷ জানিবপৰা মতে ডিমাপুৰৰ নিয়াথু ৰিজ’ৰ্টত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় এই বৈঠক ৷ উক্ত বৈঠকত উপস্থিত থাকে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ আৰু লগতে উপস্থিত থাকে সংসদীয় ক’ৰ কমিটীৰ সদস্য সকল ৷
আনহাতে যোৱা ২৮মে’ত অনুষ্ঠিত হৈছিল চৰকাৰ আৰু এন এছ চি এনৰ বৈঠক ৷ কিন্তু জানিব পৰা মতে সুকীয়া পতাকা,সংবিধানৰ দাবীত এতিয়াও অটল আছে এন এছ চি এন ৷