জম্মু –কাশ্মীৰক বিশেষ মর্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্চেদ বাতিল কৰাৰ পাছত অঞ্চলটোত শান্তি স্থাপনৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷ কিন্তু শেহতীয়াকৈ পুনৰ অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰৰ পৰিৱেশ ৷ কাশ্মীৰী পণ্ডিত আৰু প্ৰব্ৰ্জিত হিন্দু লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে ৷ শেহতীয়াকৈ কেইবাজনো লোকক গুলীয়াই হত্যা কৰাৰ পাছত ৯০ ৰ দশকৰ দৰে পুনৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে জম্মু- কাশ্মীৰত ৷ অঞ্চলটো এৰি সুৰক্ষিত স্থানলৈ যাবলৈ টালি –টোপোলা বান্ধিছে কাশ্মীৰী পণ্ডিতসকলে ৷ কেবল সেয়াই নহয়, জম্মু-কাশ্মীৰত চাকৰি কৰিবলৈ যোৱা আন ৰাজ্যৰ কর্মচাৰী তথা কামৰ সন্ধানত যোৱা প্ৰব্ৰজিত শ্ৰমিকে এৰিছে জম্মু কাশ্মীৰ ৷
ৰাজস্থানৰ এজন বেংক মেনেজাৰ আৰু বিহাৰৰ পৰা অহা এজন প্ৰব্ৰজিত শ্ৰমিকক বৃহস্পতিবাৰে হত্যা কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী পেকেজৰ অধীনত কৰ্মৰত অমিত কৌলে সংবাদ সংস্থা এ এন আইক জনায় যে কাশ্মীৰৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। বৃহস্পতিবাৰে বহু কাশ্মীৰী পণ্ডিতে উপত্যকা এৰি যোৱাৰ কথা নিশ্চিত কৰিছে কাশ্মীৰী পণ্ডিত সংঘর্ষ সমিতিৰ সভাপতি সঞ্জয় টিকুৱে। তেওঁ কয় “মোৰ তথ্য অনুসৰি পৰিয়ালৰ সৈতে প্ৰায় ৬৫ জন কৰ্মচাৰী গুচি গৈছে।” ৰাষ্ট্ৰীয় সন্মিলনৰ মুখপাত্ৰ তনবীৰ ছাদিকে কয় যে কাশ্মীৰী পণ্ডিতসকলে নিৰাপদ অনুভৱ কৰা নাই, তেওঁলোকৰ প্ৰস্থান “দুৰ্ভাগ্যজনক” ৷ ছাদিকে কয় -“কাশ্মীৰ তেওঁলোকৰ ঘৰ আৰু তেওঁলোকক সুৰক্ষিত ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আছে। আমি এটা নিৰাপত্তা বিচাৰো ৷ ৯০ৰ দশকৰ আৰম্ভণিৰ পৰিস্থিতিতকৈও বেয়া বর্তমান পৰিস্থিত বেয়া হৈছে ৷ “