পুৰীৰ বিখ্যাত শ্ৰী জগন্নাথ মন্দিৰত উৰিষ্যা চৰকাৰে কৰা খনন আৰু নিৰ্মাণ কাৰ্যৰ বিৰোধিতাৰে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন শুকুৰবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে ৷ন্যায়াধীশ বি আৰ গভাই আৰু হিমা কোহলীৰ বিচাৰপীঠে এই আবেদনখন নাকচ কৰি কয় যে বৃহৎ জনস্বাৰ্থৰ বাবে গ্ৰহণ কৰা নিৰ্মাণ কাৰ্য্যকলাপ প্ৰয়োজনীয়।উচ্চতম ন্যায়ালয়ে কয় যে শেহতীয়াকৈ ৰাজহুৱা স্বার্থজড়িত আবেদন বৃদ্ধি পোৱা প্ৰসংগত কয় যে উদ্দেশ্য প্ৰণোদিত আবেদন দাখিল কৰা কার্য আইনৰ অপব্যৱহাৰ।
মন্দিৰটোত চৰকাৰে কৰা খনন আৰু নিৰ্মাণ কাৰ্য অবৈধ বুলি অভিযোগ উত্থাপন কৰি অধেন্দু কুমাৰ দাস আদিয়ে আবেদনখন দাখিল কৰিছে ৷ আবেদনখনত উল্লেখ কৰা অনুসৰি ৰাজ্য চৰকাৰে ১৯৫৮ চনৰ দ্য এন্সিয়েণ্ট মনুমেণ্টছ এণ্ড আৰ্কিঅ’লজিকেল চাইটছ এণ্ড ৰেমেইনছ এক্টৰ ২০এ ধাৰা গুৰুতৰভাৱে উলংঘা কৰি কাম কৰি আহিছে। আবেদনখনত অভিযোগ কৰা হৈছে যে চৰকাৰে অকৰ্তৃত্বশীল নিৰ্মাণ কাৰ্য চলাই আছে। ইয়াৰ ফলত প্ৰাচীন মন্দিৰৰ গঠনৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি হৈছে বুলিও অভিযোগ কৰিছিল ৷
উৰিষ্যা উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৮০০ বছৰীয়া পুৰণি পুৰী জগন্নাথ মন্দিৰৰ কাষে কাষে ৰাজ্য চৰকাৰে নিৰ্মাণৰ বিৰোধিতা কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি থকা সময়তে উচ্চতম ন্যায়ালয়ত উত্থাপিত হৈছে এই গোচৰ। মন্দিৰৰ চাৰিওফালৰ মাটি খান্দিলে মন্দিৰৰ গাঁথনিগত সুৰক্ষা বিপন্ন হ’ব পাৰে বুলি অভিযোগ কৰি পুৰীৰ বাসিন্দাসকলে উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। পুৰীৰ জিলা আদালতেও নিৰ্মাণ বন্ধ কৰিবলৈ বিচৰা গোচৰৰ শুনানি চলাই আছে।