আজি অসমীয়া সাহিত্য জগতত যুগ সৃষ্টিকাৰী আলোচনী ‘আৱাহন’ৰ সম্পাদক ডাঃ দীননাথ শৰ্মাৰ স্মৃতি দিৱস । তেওঁ কলিকতাৰ নেশ্যনেল মেডিকেল কলেজৰ পৰা চিকিৎসা শিক্ষা লাভ কৰিলেও তেওঁৰ মন অসমীয়া ভাষা-সাহিত্যৰ প্ৰতিহে ঢাল খায় । অৱশ্যে এই ধাউতি তেওঁৰ সৰুৰে পৰাই আছিল । এম ই স্কুলত পঢ়ি থাকোঁতেই তেওঁ ‘বীণা’ নামৰ এখন শিশু-আলোচনী সম্পাদনা কৰিছিল । গোৱালপাৰাৰ মেছপাৰাৰ জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পৃষ্ঠপোষকতাত ১৯২৯ চনৰ অক্টোবৰ মাহৰ পৰাই ‘আৱাহন’ আলোচনী প্ৰকাশ পায় আৰু আলোচনীখনৰ সম্পাদকৰ দায়িত্ব লয় দীননাথ শৰ্মাই । সাহিত্যৰ পৰা সমসাময়িক দেশ-বিদেশৰ বিভিন্ন ঘটনা-পৰিঘটনা সামৰি লৈ প্ৰকাশ পোৱা আলোচনীখনতে অসমীয়া গল্প সাহিত্যই ঠন ধৰি উঠিছিল । হোমেন বৰগোহাঞিৰ ভাষাত — তেনে এখন আলোচনী অসমীয়া ভাষাত পূৰ্বতেও ওলোৱা নাছিল আৰু এইপৰ্যন্ত ওলোৱা নাই । গোৱালপাৰা আৰু কাছাৰক বংগৰ সৈতে চামিকৰণৰ তেওঁ বিৰোধিতা কৰিছিল । অসমত বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ হকে মাত মাতিছিল । তেওঁৰ ‘ছোভিয়েট বিপ্লৱ আৰু অসমীয়া সাহিত্য’ নামৰ গ্ৰন্থখনে ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰিছিল । তেওঁ ‘পাৰিজাত’ নামৰ আন এখন আলোচনীও সম্পাদনা কৰিছিল । ১৯৭৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।