বনবিভাগৰ তৎপৰতাত আমগুৰিৰ হালোৱটিং চাহবাগিচাত পিঞ্জৰাবদ্ধ হ’ল এটা নাহৰফুটুকী ৷বাগিচাখনৰ ১৮নং লাইনত পিঞ্জাৰবদ্ধ কৰা হ’ল নাহৰফুটুকীটো ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাইছিল নাহৰফুটুকী বাঘটোৱে ৷ জানিব পৰা মতে নাহৰফুটুকীটোৰ আক্ৰমণত আহত হৈছিল এগৰাকী মহিলা ৷ অনু ঘাটোৱাৰ নামৰ মহিলাগৰাকীক আক্ৰমণ কৰিছিল বাঘটোৱে ৷ অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰা বাঘটোক বন্দী কৰিবৰ বাবে এমাহ পূৰ্বেই বন বিভাগে চাহ বাগিচাখনত পিঞ্জৰা পাতিছিল আৰু অৱশেষত শুকুৰবাৰে নিশা হালোৱাটিং চাহবাগিচাৰ ১৮ নং লাইনত বন বিভাগে পিঞ্জৰাত আবদ্ধ কৰিবলৈ সক্ষম হ’ল নাহৰফুটুকীটোক ৷