অসম বাসীৰ বাবে এক সুখবৰ ৷ ভীমকলৰ পৰা গুৰ প্ৰস্তুত কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে দুগৰাকী অসম কন্যা ৷ কন্যাদুগৰাকী অসমৰ নাৰায়ণপুৰৰ উপাসনা বৰুৱা আৰু অলি চাবুকধৰা ৷ নৱেম্বৰত গোৱাত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় মেলাত অংশগ্ৰহণ কৰিব দুই গৰাকী ছাত্ৰীয়ে ৷ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে ভীমকল আৰু আঠিয়াকলৰ পৰা গুৰ তৈয়াৰ কৰি আই আই এফলৈ নিৰ্বাচিত হৈছে নাৰায়ণপুৰৰ ছাত্ৰী দুগৰাকী ৷ বৰ্তমান সামগ্ৰীৰ পেটেণ্টৰ বাবে যোগাযোগ কৰিছে দুই গৰাকী ছাত্ৰীয়ে ৷
উপাসনা আৰু অলিৰ কৃতিত্বত গৌৰৱান্বিত দুয়োৰে আভিভাৱকৰ লগতে সকলো নাৰায়ণপুৰবাসী ৷