পর্যটকৰ আকর্ষণৰ অন্যতম স্থান হিচাপে চিহ্ণিত হৈ আহিছে গোৱা ৷ বিশেষকৈ গোৱাৰ সাগৰীয় বীচ্চ সমূহৰ আকর্ষণেই সুকীয়া ৷ কিন্তু বহুসময়ত বীচ্চ সমূহত অসামাজিক কাম-কাজ সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ যাৰ বাবে বীচ্চসমূহৰ ওপৰত নজৰ ৰাখিবলৈ চৰকাৰে মুকলি কৰিছে নতুন এপ ৷ বিশেষকৈ বীচ্চসমূহৰ সামগ্ৰিক ব্যৱস্থাপনা অধিক উন্নত কৰাৰ লক্ষ্যৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই মুকলি কৰিছে “বীচ্চ ভিজিল এপ” নামৰ এটা নতুন এপ ।
এপটো মুকলি কৰি দিয়া ভাষণত সাৱন্তে কয়, “বীচ্চ ভিজিল এপে বীচ্চ পৰ্যটন খণ্ডত কাম কৰা প্ৰতিষ্ঠানসমূহ আৰু পৰ্যটকসকলক উপকৃত কৰিব। পৰ্যটন খণ্ডৰ সৈতে তথ্য প্ৰযুক্তিৰ সহযোগিতাই ভৱিষ্যতে বহু পথ মুকলি কৰিব। পৰ্যটন আৰু সুৰক্ষাৰ বিকাশ এক সৰ্বাংগীন আৰু সামূহিক প্ৰচেষ্টা। এই ধৰণৰ এপৰ দ্বাৰা ভৱিষ্যতে বীচ্চ সমূহ অধিক সুৰক্ষিত হ’ব ৷” উদ্বোধনী অনুষ্ঠানত গোৱাৰ আই টি আৰু পৰ্যটন মন্ত্ৰী ৰোহন খাউণ্টেও উপস্থিত থাকে । তেওঁ কয় যে বীচ্চ ভিজিল এপৰ জৰিয়তে দৃষ্টিকৰ্মীসকলে আৰক্ষী আৰু অন্যান্য অংশীদাৰসকলে পৰ্যটকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বিভিন্ন বিষয় উত্থাপন কৰিব পাৰে। তেওঁ কয় -“চৰকাৰে বীচ্চসমূহ পৰিস্কাৰৰ বাবে এক সংহত পৰিকল্পনা গ্ৰহণ কৰিছে । অবৈধ মালিচ সেৱাৰ পৰা আৰম্ভ কৰি বীচ্চসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতালৈকে সকলো সামৰি ল’ব।”