শেহতীয়াকৈ সমগ্ৰ ফ্ৰান্সত নৈশ ক্লাব, সংগীতানুষ্ঠানত ৩০০ ৰো অধিক লোকক ৰহস্যজনক ভাৱে বেজীৰে বিন্ধোৱা হৈছে বুলি জানিব পৰা গৈছে।একাধিক চিকিৎসকেও এই ঘটনাৰ বাবে অভিযোগ উত্থাপন কৰিছে কিন্তু এইটো কোনে বা কিয় কৰিছে আৰু ভুক্তভোগীসকলক ড্ৰাগছৰ বেজী দিয়া হৈছে নেকি সেই বি্য়েও কোনো অৱগত নহয় ৷
অৱশ্যে এই ক্ষেত্ৰত ক্লাবসমূহৰ মালিক আৰু আৰক্ষীয়েও সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰি আছে ৷ আনহাতে এজন জনপ্ৰিয় ৰেপাৰ ডিনোছে এই সপ্তাহত ষ্ট্ৰাছবাৰ্গত অনুষ্ঠিত হোৱা এক সংগীতানুষ্ঠানত দৰ্শকসকলক এই আচৰিত বেজী আক্ৰমণৰ আশংকাৰ বিষয়ে সতৰ্ক কৰি দিছিল।
এয়া কেৱল ফ্ৰান্সতেই হৈছে এনে নহয় ৷ ব্ৰিটেইনৰ চৰকাৰেও এই বিষয়টোক কেন্দ্ৰ কৰি অধ্যয়ন কৰি আছে আৰু বেলজিয়াম আৰু নেডাৰলেণ্ডৰ আৰক্ষীয়েও বিক্ষিপ্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
‘বেজী আতংক’ সন্দৰ্ভত পোহৰলৈ অহা কিছু ঘটনাৰ ভিতৰত এটি আচৰিত ঘটনা সংঘটিত হৈছিল উত্তৰ ফ্ৰান্সৰ লিল এক ৰেপ কনচাৰ্টত ৷ ২০২২বৰ্ষৰ ৪ মে’ত, ১৮ বছৰীয়া টমাছ লাউক্সে লিলৰ এক ৰেপ কনচাৰ্টত অংশ গ্ৰহণ কৰিছিল, য’ত তেওঁ অনুষ্ঠানটোৰ সময়ত অলপ গাঞ্জা সেৱন কৰিছিল আৰু কিছু সুৰা পান কৰিছিল। তেওঁ সংবাদ মাধ্যমক কৈছিল যে, যেতিয়া তেওঁ ঘৰলৈ আহিছিল, তেওঁৰ মূৰ ঘূৰোৱা অনুভৱ হৈছিল আৰু মুৰৰ বিষ হৈছিল ৷ তেওঁ তেওঁৰ বাহুত এটা অদ্ভূত সৰু আঘাতৰ চিন প্ৰতক্ষ কৰিছিল।
পিছদিনা ৰাতিপুৱাও তেওঁৰ এই লক্ষণবোৰ নাইকিয়া হোৱা নাছিল আৰু লাউক্স তেওঁৰ চিকিৎসকৰ ওচৰলৈ গৈছিল ৷ চিকিৎসকে তেওঁক জৰুৰীকালীন কোঠালৈ যাবলৈ পৰামৰ্শ দিছিল। চিকিৎসকসকলে তেওঁক বেজীয়ে বিন্ধাৰ প্ৰমাণ নিশ্চিত কৰিছিল আৰু লক্সৰ এইচ.আই.ভি. আৰু হেপাটাইটিছ পৰীক্ষা কৰা হৈছিল। অৱশ্যে এতিয়ালৈকে এই আক্ৰমণৰ চিকাৰ হোৱা আন বহু ভুক্তভোগীৰ দৰেই তেওঁৰ ফলাফলো নেতিবাচক পোৱা গৈছিল, ।
‘এই ঘটনাৰ পিছৰ পৰাই মই কনচাৰ্টলৈ যাবলৈকে বাদ দিছোঁ’ বুলি লাউক্সে মন্তব্য কৰে ।
১৮ বছৰীয়া লিয়েন ডেচনোছেও এপ্ৰিলত দক্ষিণ-পশ্চিম চহৰ বৰ্ডোৰ এটা ক্লাবলৈ যোৱাৰ পিছত একে ধৰণৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছিল। ১৮ বছৰীয়া ডেচনোছ ওলাই গৈছিল আৰু ফাষ্ট ফুড ৰেষ্টুৰেণ্ট এখনত থাকোতে মূৰ ঘূৰোৱা অনুভৱ কৰিছিল আৰু ঘৰ পাই তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ বাহুত এটা বেজীৰ চিহ্ন আছে। ৰহস্যজনক এই বিন্ধাৰ বিষয়ে ছ’চিয়েল মিডিয়াত সাক্ষ্য দিয়াৰ পিছত, তেওঁ সংক্ৰমণৰ বাবে পৰীক্ষা কৰিবলৈ এখন ক্লিনিকলৈ গৈছিল। তেওঁ এতিয়াও ফলাফলৰ অপেক্ষাত।
পেৰিছ, টুলুজ, নাণ্টেছ, নেন্সি, ৰেনেছ আৰু ফ্ৰান্সৰ আন চহৰসমূহৰ লোকসকলেও তেওঁলোকৰ অজ্ঞাতে বা অনুমতি অবিহনে বেজীৰ খোচ খোৱা এই ৰহস্যজনক খবৰ পাইছে।
ফ্ৰান্সৰ ৰাষ্ট্ৰীয় আৰক্ষী সংস্থাই কৈছে যে, ৩০২ জন লোকে এনে ৰহস্যজনক বেজীৰ খোচৰ বিষয়ে আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে। ইতিমধ্যে বিভিন্ন অঞ্চলত এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷ কিন্তু এতিয়ালৈকে আৰক্ষীয়ে কোনো সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ লগতে এনে ঘটনা সংঘটিত হোৱা বুলি সম্ভেদ পোৱা স্থানসমূহতো কোনো বেজী উদ্ধাৰ হোৱা নাই আৰু ইয়াৰ উদ্দেশ্য সম্পৰ্কেও কোনো স্পষ্ট তথ্য পাবলৈ সক্ষম হোৱা নাই আৰক্ষী।
ঘটনাটোৰ সৈতে মোকাবিলা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰা এজন বিষয়া আৰু এজন চিকিৎসকে সন্দেহ প্ৰকাশ কৰিছিল যে নৈশক্লাবৰ এই বেজীৰে খোচা বিন্ধাবোৰত জিএইচবি আছিল ৷তেওঁলোকে উল্লেখ কৰিছিল যে বেজীৰ জৰিয়তে ঔষধটো শৰীৰত প্ৰৱেশ কৰিবলৈ কেইবা ছেকেণ্ডৰ বাবে এই বেজী দিব লাগিব যিটো বেছিভাগ ভুক্তভোগীয়েই লক্ষ্য কৰিব বা গম নোপোৱাকৈ নাথাকিব।
নেন্সি চিকিৎসালয়ত ইতিমধ্যে এনে ভুক্তভোগীসকলৰ যত্নৰ বাবে এক বিশেষ প্ৰক্ৰিয়াৰ আয়োজন কৰা হৈছে।
ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী বিষয়া এজনে কৈছিল: ‘এই পৰ্যায়ত, আমি এক নিৰ্দিষ্ট পদ্ধতিৰ বিষয়ে কথা পাতিব নোৱাৰো। ঘটনাবোৰৰ মাজত কোনো সাদৃশ্য নাই। একমাত্র কথাটো হ’ল ফ্রান্সৰ বিভিন্ন ঠাইত উৎসৱৰ প্রেক্ষাপটত মানহক বেজী দিয়া হৈছে।
অৱশ্যে ফ্ৰান্সৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে এই মাহত এক ৰাষ্ট্ৰীয় সজাগতা অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে ক্লাব,বাৰ সকলক পত্ৰিকা প্ৰদান কৰি আছে আৰু ক্লাবৰ মালিকসকলৰ সৈতে প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি আছে।
ইংলেণ্ডত যোৱা বছৰ এনে ঘটনা হঠাৎ বৃদ্ধি হোৱাৰ পিছত সংসদে এপ্ৰিলত পাব আৰু নাইটক্লাববোৰত পানীয় আৰু বেজী ৰখাৰ ওপৰত এক প্ৰতিবেদন জাৰী কৰিছিল। ইয়াত কোৱা হৈছে যে আৰক্ষীয়ে ২০২১ চনৰ অক্টোবৰ মাহৰ আশে পাশে সমগ্ৰ দেশত বেজী ৰখাৰ প্ৰায় ১,০০০ ঘটনাৰ প্ৰতিবেদন দিছিল, যেতিয়া কৰোনা ভাইৰাছৰ সীমাবদ্ধতা হ্ৰাস হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰী সকল পুনৰ ক্লাবসমূহলৈ আহিবলৈ ধৰিছিল।
অৱশ্যে, সংসদৰ প্ৰতিবেদনত কোৱা হৈছে যে বিষয়টো কিমান গুৰুতৰ সেয়া বিচাৰ কৰিবলৈ তথ্যৰ অভাৱ । এইটো স্পষ্ট নহয় যে বেজী ৰখাৰ বাবে কাৰোবাৰ বিৰুদ্ধে মোকৰ্দমা কৰা হৈছে নেকি ? কিমান জন ভুক্তভোগীক ঔষধ বা আন পদাৰ্থৰ বেজী দিয়া হৈছিল ?
বেলজিয়ামতো নৈশ ক্লাব, এখন ফুটবল খেল আৰু বেলজিয়াম প্ৰাইড পেৰেডৰ সময়ত বেজীৰে বিন্ধা লোকসকলৰ সৈতে একে ধৰণৰ ঘটনা সংঘটিত হৈছিল।