অহা পাঁচদিনলৈ ৰাজ্যত ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে উজনি,নামনি তথা মধ্য অসমৰ বিভিন্ন স্থানত অহা দিনকেইটাত প্ৰবল বতাহ-বৰষুণৰ লগতে বজ্ৰপাতৰো প্ৰচুৰ সম্ভাৱনা আছে৷ লগতে ৰাজ্যৰ বিভিন্ন স্থানত হ’ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি ৷সেয়েহে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ৷ প্ৰতিষ্ঠানটোৰ মতে অহা কেইদিনত অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে উত্তৰ-পূবৰ মেঘালয়, নাগালেণ্ড,মণিপুৰ আদি ৰাজ্যকেইখনৰ কিছু কিছু অংশতো আছে প্ৰচুৰ বৃষ্টিপাতৰ সম্ভাৱনা ৷
ইয়াৰ বিপৰীতে দেশৰ কেইবাখনো ৰাজ্যত বৃদ্ধি পাব তাপমাত্ৰা ৷ জম্মু,ৰাজস্থান,উত্তৰ-প্ৰদেশ,ঝাৰখণ্ড,মধ্যপ্ৰেদেশত তাপমাত্ৰা বৃদ্ধি পোৱাৰ প্ৰচুৰ সম্ভাৱনা ৷
সকলোকে সাৱধান তথা সতৰ্ক হৈ থাকিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ দেশজুৰি জাৰি কৰিছে সতৰ্কবাণী