অসম আৰক্ষীয়ে দেওবাৰে যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত হৈ থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা গঁড়ৰ খৰ্গ সৰবৰাহকাৰী দুজন আজিজুল ৰহমান আৰু ৰাজেন বাউৰী বুলি চিনাক্ত কৰা হৈছে।আৰক্ষীয়ে তেওঁলোকৰ পৰা ৭০০ গ্ৰাম ওজনৰ এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত তিতাবৰ মহকুমা আৰক্ষী বিষয়া (এছডিপিঅ’) মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত আভিযান চলোৱা আৰক্ষীৰ এটা দলে গঁড়ৰ খৰ্গ বিক্ৰী কৰিবলৈ যোৱা অৱস্থাত তিতাবৰত দুয়োকে আটক কৰে।জানিব পৰা দুয়োজন অভিযুক্তই ৭০০ গ্ৰাম ওজনৰ গঁড়ৰ খৰ্গটো প্ৰায় ১.৫ কোটি টকাত বিক্ৰী কৰাৰ কথা আছিল।
অভিযুক্ত আজিজুল ৰহমান দক্ষিণ হেংগেৰাৰ বাসিন্দা আনহাতে ৰাজেন বাউৰীৰ ঘৰ গোলাঘাট জিলাৰ চুতজান কাঠনি বাগানত বুলি জানিব পৰা গৈছে।