বাচ বিচাৰ নকৰাকৈ খোৱাৰ কাৰণে , অধিক খাদ্য খালে , পেটত কৃমি হ’লে , হজমি শক্তি কমি গ’লে বা বিভিন্ন কাৰণত বমি হ’ব পাৰে। যি কাৰণতে বমি নহওক কিয় বন দৰবেৰে আমি নিৰাময় কৰিব পাৰো। কেনেকৈ? জানো আহক-
১) যি কোনো কাৰণতে বমি হ’লে দূবৰি বনৰ ৰস ২৫ মিঃ লিঃ অলপ চূণৰ পানীৰ লগত মিহলাই এচামুচকৈ ৩/৪ বাৰ খালে বমি বন্ধ হয়।
২) ২ চামুচ আমলখিৰ ৰসৰ লগত আধা চামুচ চেনি মিহলি কৰি খালে বমি বন্ধ হয়।
৩) আঁহত গছৰ ছালৰ খাৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিলে বমি বন্ধ হোৱা দেখা যায়।
৪) বমি বন্ধ কৰিবৰ কাৰণে ১ চামুচ শিলিখা গুড়িৰ লগত ১ চামুচ মৌ মিহলি কৰি খাব লাগে।
৫) ভেঁকুৰী তিতাৰ ২৫ মিঃ লিঃ ৰসৰ লগত আদা এডোখৰ খুন্দি বমি ভাব আহিলেই খাব লাগে।
৬) ২/৩ টা নিমৰ গুটিৰ ৰস মৌৰ সৈতে মিহলাই খালে বমি বন্ধ হয়।
৭) এচামুচকৈ মৰাণ আদা আৰু পিঁয়াজৰ ৰস মিহলি কৰি খালে বমি বন্ধ হয়।
৮) গাজৰৰ এক চামুচ ৰসত অলপ মৌজল মিহলি কৰি দিনে তিনিবাৰকৈ খালে তেজবমি বন্ধ হয়।
৯) ধনীয়া পিহি খালে ৰক্তবমি আৰু ধনীয়া ৰস পানীৰ লগত মিহলি কৰি খালে গৰ্ভধাৰণৰ বাবে হোৱা বমি বন্ধ হয়।
১০) পদিনাৰ ৰসত নেমুৰ ৰস মিহলি কৰি খালে সোনকালে ভোক লাগে আৰু বমি বন্ধ হয়।