আজি বিশিষ্ট সংস্কৃত পণ্ডিত, শিক্ষাবিদ তথা লেখক কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস । সংস্কৃত আৰু ভাষাতত্ত্বৰ ক্ষেত্ৰত বিৰল প্ৰতিভাৰ পৰিচয় দিয়া কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য আছিল । শ্ৰীহৰ্ষৰ ‘নৈষধ চৰিত’ আৰু সোমদেৱৰ ‘যশস্তিলক’ আদি সংস্কৃত গ্ৰন্থৰ অনুবাদেৰে তেওঁ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল । তেওঁ ১৩টা ভাষা জানিছিল । ১৯৩৭ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । অসম সাহিত্য সভাই তেওঁক সদস্য মহীয়ান সন্মান প্ৰদান কৰে । ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে । ভাৰত চৰকাৰে তেওঁৰ নামেৰে ১৯৮০ চনত এটা ডাক টিকটো মুকলি কৰে । ১৯৮২ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । মণিষীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস । তেওঁ এগৰাকী কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰো আছিল । ১৯৪০ চনত তেওঁ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ ‘ৰূপহী’ নিৰ্মাণ কৰিছিল । তেওঁ ‘থুপিতৰা’ নামৰ এখন হাতেলিখা আলোচনীও উলিয়াইছিল । তেওঁ গুণগুণনি, লুইতী, শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল আদি গীতৰ পুথিৰ উপৰি লখিমী নামৰ এখন নৃত্য-নাটিকা আৰু সোণৰ সোলেং নামৰ এখন গীতি-নাটিকাও ৰচনা কৰে । ১৯৬১ চনত গোৱালপাৰাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সংগীত সন্মিলনত তেওঁ সভাপতিত্ব কৰিছিল । তেওঁৰ লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া, সোণৰ হৰিণা তই ক’ত দেখিলি আদি গীত অতি জনপ্ৰিয় । ১৯৬৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । গীতিকবিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বৰেণ্য সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে এগৰাকী কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু-সাহিত্যিক । তেওঁ মুঠ ১২৪খন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । তেওঁ মিলন আলোচনীৰ উপৰি শিশু-আলোচনী দীপকৰো সম্পাদনা কৰিছিল । অমিয় কুমাৰ দাস ছদ্মনামেৰে তেওঁ বাঁহী আলোচনীত অনেক কবিতা লিখিছিল । নাট্য ইতিহাসমূলক গ্ৰন্থ মঞ্চলেখাৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । ১৯৫৯ চনত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে । অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে । ১৯৬৮ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।