দেশৰ কেইখনমান ৰাজ্যৰ বাবে এক সুখবৰ ৷ দেশখনৰ ১৪ খন ৰাজ্যলৈ বিত্ত মন্ত্ৰালয়ে মুকলি কৰিছে ৭,১৮৩ কোটি টকাৰ ৰাজহ ঘাটি অনুদান ৷এই অনুদান লাভ কৰা ৰাজ্যবোৰ হৈছে অসম,হিমাচল প্ৰদেশ, কেৰালা, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ৰাজস্থান, ছিকিম, ত্ৰিপুৰা, উত্তৰাখণ্ড, পশ্চিম বংগ আৰু অন্ধ্ৰ প্ৰদেশ।
ইতিমধ্যে বিত্ত মন্ত্ৰালয়ে ভাৰতৰ ১৪ খন ৰাজ্যলৈ ৭,১৮৩ কোটি টকাৰ ৰাজহ ঘাটি অনুদানৰ তৃতীয় মাহিলী কিস্তি মুকলি কৰিছে।২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ১৪ খন ৰাজ্যৰ বাবে পঞ্চদশ বিত্ত আয়োগে মুঠ ৮৬,২০১ কোটি টকাৰ হস্তান্তৰ ৰাজহ ঘাটি (পিডিআৰডি) অনুদানৰ পৰামৰ্শ দিছিল। ই ১২ টা সমান মাহিলী কিস্তিত মুকলি কৰা হ’ব।
মন্ত্ৰালয়ে এক বিবৃতিত কয় যে , “ব্যয় বিভাগে সোমবাৰে ১৪ খন ৰাজ্যলৈ ৭,১৮৩.৪২ কোটি টকাৰ হস্তান্তৰ ৰাজহ ঘাটি (পিডিআৰডি) অনুদানৰ তৃতীয় মাহিলী কিস্তি মুকলি কৰিছে।”
২০২২বৰ্ষৰ জুন মাহৰ বাবে তৃতীয় কিস্তি মুকলি হোৱাৰ সৈতে, ২০২২-২৩ বৰ্ষত ৰাজ্যসমূহক মুকলি কৰা ৰাজহ ঘাটি অনুদানৰ মুঠ পৰিমাণ হৈছে ২১,৫৫০.২৫ কোটি টকা।