১৯০৪ চনৰ ১৯ আগষ্টত অসমৰ শিৱসাগৰ জিলাৰ দিখৌ নদীৰ পাৰত ৰাধিকা প্ৰসাদ বৰুৱা আৰু হিমালা দেৱীৰ ঘৰত জন্ম হৈছিল গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৷ পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰপিতামহ (আজোককা) যাদুৰাম ডেকা বৰুৱাই ১৮৩৯ চনত প্ৰথম দ্বিভাষিক অসমীয়া অভিধান প্ৰণয়ন কৰিছিল।
পাৰ্বতি প্ৰসাদ বৰুৱা আছিল অসমৰ এজন প্ৰসিদ্ধ কবি, গীতিকাৰ আৰু নাট্যকাৰ ৷ অসম সাহিত্য আৰু সাংস্কৃতিক জগতৰ তেওঁ এক উজ্জ্বল জোতিষ্ক। তেওঁ অসমীয়া ভাষাৰ সৰল আৰু সংবেদনশীল ব্যৱহাৰৰ বাবে জনাজাত ৷ অসমত গীতিকবি নামেৰে জনাজাত পাৰ্বতি প্ৰসাদ বৰুৱা আছিল অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰাৰম্ভিক চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজৰ এজন ।
পাৰ্বতী প্ৰসাদে কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কলকাতাত থকা কালত তেওঁ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাসমূহৰ ওপৰত আধাৰিত নাটক, নৃত্য নাটিকা (বা ৰবীন্দ্ৰ নৃত্য নাট্য) আৰু অন্যান্য সংগীতঅনুষ্ঠান আদি চাই ভাল পাইছিল আৰু এই অভিজ্ঞতাবোৰেই হয়তো পৰৱৰ্তী সময়ত এগৰাকী গীতিকাৰ তথা সুৰকাৰ হিচাপে তেওঁৰ সৃষ্টিশীলতাক আৰু অধিক উন্নত কৰাত সহায় কৰিছিল।
দহ বছৰ বয়সত পাৰ্বতি প্ৰসাদে প্ৰথমবাৰৰ বাবে স্থানীয় থিয়েটাৰ গোটৰ দ্বাৰা মঞ্চস্থ কৰা এখন নাটকত ‘জয়মতি’ৰ ভূমিকা পালন কৰিছিল। ১৯২১ চনত তেওঁ ‘জুপিতৰা’ নামৰ এখন হাতে লিখা মাহেকীয়া আলোচনী আৰম্ভ কৰে।
১৯৪১ চনত মুক্তি পোৱা চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ ‘ৰূপহী’ পৰিচালনা কৰিছিল গীতিকবি জনাই । এই চলচ্চিত্ৰখনৰ সংগীতো ৰচনা কৰিছিল তেওঁ।
ভঙা টোকাৰীৰ সুৰ ,গুনগুননি, লুইতি,শুকুলা ডাৱৰ ঐ কহুৱা ফুল আদিকে ধৰি বহুকেইখন গীত আৰু কাব্য সংকলনৰ লগতে ‘লখিমী’ আৰু ‘সোণৰ সোলেং’ আদিৰ দৰে নাটক ৰচনা কৰি অসমীয়া সাহিত্য-সংস্কৃতিক চহকী কৰি থৈ গৈছে এইজনা মহান মনিষীয়ে ৷
উল্লেখযোগ্য যে, গীতিকবিৰ বহু কবিতা হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষালৈকো অনুবাদ কৰা হৈছে। ২০০৭ চনত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয় তেওঁক৷
১৯৬৪চনৰ ৭জুন তাৰিখে ৫৯বছৰ বয়সত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই নশ্বৰ দেহ ত্যাগ কৰে ৷ আজি তেওঁৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছো