ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক কৰা হৈছে তিনিটাকৈ বাঘ চিকাৰী। আনহাতে এতিয়াও পলাতক অৱস্থাত দুই বাঘ চিকাৰী । জানিব পৰা মতে বাঘ চিকাৰৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰিছিল উক্ত ৫ জন চিকাৰীয়ে। তাৰে তিনি চিকাৰীক বনকৰ্মীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও বাকী দুজনে পলায়ন কৰে।
আটকাধীন চিকাৰী কেইজন ঢেকীয়াজুলিৰ আজিবুৰ ৰহমান, হাছমত আলী আৰু মহম্মদ এম এল বুলি জানিব পৰা গৈছে। আনহাতে পলাতক দুজনৰ নাম ছাদিকুল আৰু আহাম্মদ।
উল্লেখযোগ্য যে, যোৱা চাৰি জুন তাৰিখে বনকৰ্মী সকলে উদ্যানখনৰ দাঁতিকাষৰীয়া ২নং বচা শিমলু গাঁৱৰ আজিবুৰ ৰহমান নামৰ লোক এজনৰ ঘৰৰ সমীপত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল বাঘৰ অৱশিষ্ট আৰু তাৰ পিছতেই উক্ত ঘটনাৰ আলমত লৈ আটক কৰা হৈছে সন্দেহযুক্ত বাঘ চিকাৰী কেইজনক৷