নিশা মহানগৰীৰ ৰাজপথত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড । মহানগৰীৰ জি এছ ৰোডত নিশাৰ ভাগত এটি শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰে এজন সুৰামত্ত যুৱকে। অৱশ্যে একাংশ লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় শিশুটি ।
জি এছ ৰোডৰ ‘ফুড এক্স’ৰ সন্মূখত শিশুটিক নিৰ্মমভাৱে প্ৰহাৰ কৰে সুৰামত্ত যুৱকজনে । অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত আঘাতপ্ৰাপ্ত শিশুটিক উদ্ধাৰ কৰা হয় আৰু জি এম চি এইছলৈ প্ৰেৰণ কৰা হয় । ঘটনা স্থলীত বহু পলমকৈ উপস্থিত হোৱা ভঙাগড় আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ।