গোচৰৰ ভৰত ন্যায় ব্যৱস্থা ভাৰাক্ৰান্ত হৈ পৰাৰ সময়তে একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ কৰি এক নজিৰ ডাঙি ধৰিছে বোম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে ৷ বৃহস্পতিবাৰে ন্যায়াধীশ এছ এছ ছিণ্ডেৰ বিচাৰপীঠে পুৱা ১০.৩০ বজাৰ পৰা নিশা ৮ বজালৈ শুনানি গ্ৰহণ কৰে এই গোচৰসমূহৰ ৷ ইয়াৰ পাছতে শুকুৰবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে ন্যায়াধীশ এছ এছ ছিণ্ডেক প্ৰশংসা কৰে ৷ বৃহস্পতিবাৰে শুনানিৰ বাবে বিচাৰপীঠখনত ২০০ৰো অধিক গোচৰ তালিকাভুক্ত হৈ হৈছিল ।
উচ্চ ন্যায়ালয়ৰ সাধাৰণ কামৰ সময় পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ। জৰুৰীকালীন শুনানিৰ বাবে আদালতে গভীৰ নিশালৈকে কাম কৰাটো অস্বাভাৱিক নহয় ৷ কিন্তু ন্যায়িক কামৰ লেহেমীয়া গতিক সমালোচনা কৰা সময়ত এদিনত ১৯০টা গোচৰৰ শুনানিয়ে এক নতুন নজিৰ গঢ়ি তোলে।ইয়াৰ পূর্বে শেহতীয়াকৈ অৱসৰ লোৱা ন্যায়াধীশ এছ জে কাথাৱালাই এবাৰ ১৫০টা গোচৰৰ শুনানি গ্ৰহণ কৰিছিল।
ন্যায়াধীশ এছ এছ ছিণ্ডে বোম্বে উচ্চ ন্যায়ালয়ৰ তৃতীয় জ্যেষ্ঠ ন্যায়াধীশ আৰু জুলাই মাহত অৱসৰ ল’ব। ৰাজস্থান উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ নাম উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পৰামৰ্শ দিছে।