আজি বিশিষ্ট নাট্যকাৰ, চিত্ৰনাট্যকাৰ, অভিনেতা তথা প্ৰযোজক অমূল্য কাকতিৰ ওপজা দিন । ১৯৫০ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ পাণবজাৰত তেওঁৰ জন্ম হৈছিল । তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই আমি এক্টৰ নামৰ এখন নাটক ৰচনা কৰে । তদুপৰি পিছলৈ তেওঁ মিছা ভূত, নাটক, ৰং আদি কেইবাখনো নাটক ৰচনা কৰে । ১৯৮৯ চনত প্ৰতিষ্ঠা কৰা তেওঁৰ প্ৰযোজনা সংস্থা অনুভৱ ফিল্মছৰ বেনাৰত তেওঁ সেই বাটে, কুঁহিৰামৰ প্ৰেম আদি টেলিফিল্ম প্ৰযোজনা আৰু পৰিচালনা কৰে । তেওঁ গুৱাহাটী দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক পাপু-নিকুৰ সংবাদ, ব’হাগতে শীত আদিৰ চিত্ৰনাট্য লিখিছিল । তেনেদৰে জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পিতা-পুত্ৰ (মুনীন বৰুৱাৰ সৈতে যুটীয়াভাৱে), প্ৰভাতী পখিৰ গান (মুনীন বৰুৱাৰ সৈতে যুটীয়াভাৱে), ভাই-ভাই, তুমি মোৰ মাথোঁ মোৰ, গুণ গুণ গানে গানে আদি চলচ্চিত্ৰৰো চিত্ৰনাট্য লিখিছিল তেওঁ । মেঘমুক্তি, পূজা, ব’হাগৰ দুপৰীয়া, ৰঙানদী, হালধীয়া চৰায়ে বাও ধান খায়, জীৱন সুৰভি আদি চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় গীতিকাৰ নগেন বৰাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগলেখক তথা সাংবাদিক । তেওঁ তিনি হাজাৰৰো অধিক গীত ৰচনা কৰাৰ উপৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । ১৯৬৭ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ হিচাপে স্বীকৃতি লাভ কৰে । মানুহ দেখিছোঁ আজি, আকৌ যদি যাব লাগে শৰাইঘাটলৈ, ৰংচোৱা সেনাপতি দেউতা ঈশ্বৰ, আইতা তোমাৰ গালে-মুখে কোনে আঁচুৰিলে আদি তেওঁৰ জনপ্ৰিয় গীত । তেওঁ দৈনিক জনমভূমি কাকতৰ বাৰ্তা সম্পাদক, আজি কাকতৰ শিৱসাগৰ সংস্কৰণৰ আবাসিক সম্পাদক আছিল । অসম চৰকাৰে তেওঁক শিল্পী পেন্সন প্ৰদান কৰে । ২০১৩ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী গীতিকাৰলৈ আমাৰ প্ৰণাম ।