পেটত পানী জমা হ’য় , খোৱা-বোৱাত অৰুচি হয় , হাত-ভৰি আদি ফুলি উঠে , উশাহ লওঁতে কষ্ট হয় , পেটত বিষ হয় , প্ৰস্ৰাৱ কম হয় । পেটত অধিক পানী জমা হয় বাবেই এই ৰোগক জলোদৰ বোলা হয়। বন দৰবেৰে কেনেকৈ আমি উপশম পাব পাৰোঁ জানো আহক-
১) কেঁচা পিয়াজ দিনে দুটাকৈ খালে প্ৰস্ৰাৱ বৃদ্ধি আৰু পেটত পানী জমা হোৱা পানী কম হয়।
২) এক গিলাচ পানীত এক চামুচ নহৰুৰ ৰস মিহলাই কেইদিনমান একেৰাহে খালেই যথেষ্ট উপকাৰ পোৱা যায়।
৩) ২৫ গ্ৰাম কেৰেলাৰ ৰস পানীত মিহলি কৰি দিনে তিনিবাৰকৈ খালে ভাল ফল পোৱা যায়।
৪) অপৰাজিতাৰ পাতৰ ৰস নাইবা ফলৰ ৰস খাব লাগে।
৫) বেলপাতৰ ৰস ৩/৪ চামুচ অলপ জালুকৰ গুড়া আৰু এক চামুচ মৌ জোল মিহলি কৰি দিনত দুইবাৰ কৰি কেইদিনমান খালেই শোথ ৰোগী যথেষ্ট উপকৃত হয়।
৬) ১০ গ্ৰাম আদা খুন্দি পুৰণি গুড়ৰ সৈতে খালে শোথ ৰোগ ভাল হয়।
৭) আমলখি আৰু পিপলি গুড়া ৫ গ্ৰামকৈ লৈ পুৰণি গুড় ৫ গ্ৰাম মিহলি কৰি খালে জলোদৰ ৰোগ আৰোগ্য হয়।
৮) মহিলা সকলৰ প্ৰসৱৰ সময়ত জৰায়ুত পানী জমা হ’লে দিনে ৩/৪ টাকৈ নাচপতি খালে পানী ওলাই যায়।
৯) মহাভৃঙ্গৰাজৰ ৰস গাখীৰৰ সৈতে খাব লাগে।
১০) পিপলি গুড়াৰ লগত গাখীৰ মিহলাই খাব লাগে।
নিমখ খোৱা বেয়া। দৈ , খিচিৰি , পিঠা , ভোল , মাহ হজম নোহোৱা বস্তু আচাৰ , তেঁতেলি , নতুন চাউলৰ ভাত , মছলা আদি খোৱা অত্যন্ত বেয়া। চজিনাৰ ফুল খাব নালাগে।