আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অভিনেতা মিত্ৰদেৱ মহন্তৰ ওপজা দিন । ১৮৯৪ চনৰ আজিৰ দিনটোতে যোৰহাটৰ সৰ্বাইবন্ধাত তেওঁৰ জন্ম হৈছিল । তেওঁৰ সম্পূৰ্ণ নামটো আছিল মিত্ৰদেৱ মহন্ত অধিকাৰী । তেওঁ শিশু-পুথি, নাটককে ধৰি কেইবাখনো গ্ৰন্থ লিখি থৈ গৈছে । জ্ঞান লহৰী, বিয়া বিপৰ্যয়, চন্দ্ৰহাৰ, অসমীয়া ধৰ্মাচাৰ্মৰ উপাধি, ব্ৰিটিছ সাম্ৰাজ্যৰ বুৰঞ্জী, গীতি শতদল আদি তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ । তদুপৰি তেওঁৰ চেঁচা জ্বৰ, মেখেলী পুৰাণ, অচিন কাঠৰ থোৰা, কবিতাৰ থুপি আদি কেইবাখনো গ্ৰন্থ সংৰক্ষণৰ অভাৱত হেৰাই গৈছে । অসম সাহিত্য সভাৰ গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ তেওঁৰ অমৰ কীৰ্তি । অভিনয় দক্ষতাৰ বাবে ১৯৬১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ১৯৫৫ চনত তেওঁ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সংগীত শাখাৰ সভাপতি আছিল । ১৯৬৪ চনত ডিগবৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৮২ চনত অসম সাহিত্য সভাই তেওঁক ‘সাহিত্যাচাৰ্য’ সন্মানেৰে সন্মানিত কৰে । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।