বাংগালুৰুত এটা ৰেভ পাৰ্টিত অভিযান চলাই অভিনেতা শক্তি কাপুৰৰ পুত্ৰক আটক কৰিছে আৰক্ষীয়ে ৷ বেংগালুৰু আৰক্ষীয়ে কয় যে, বলীউডৰ জনপ্ৰিয় অভিনেতা শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰ ড্ৰাগছ সেৱন কৰা বুলি অভিযোগ কৰা ৬ জন লোকৰ ভিতৰত এজন ।
৩৭ বছৰীয়া অভিনেতাগৰাকীয়ে ‘শ্বুটআউট এট ৱাডালা’, ‘হাছিনা পাৰ্কাৰ’, ‘জাজবা’ আৰু অপৰাধ-থ্ৰিলাৰ ৱেব চিৰিজ ‘ভাউকাল’ৰ দৰে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে।
আৰক্ষী উপায়ুক্ত ড০ ভীমাশংকৰ এছ গুলেদে সংবাদ মাধ্যমক কয় যে ,”সিদ্ধান্ত কাপুৰৰ তেজ পৰীক্ষাৰ প্ৰতিবেদনত ড্ৰাগছ সেৱন কৰাৰ কথা স্পষ্ট হৈ পৰিছিল সেয়েহে, তেওঁক উলচুৰ আৰক্ষী থানালৈ অনা হৈছে,” ।
আৰক্ষীয়ে জনোৱা অনুসৰি, দেওবাৰে নিশা এম জি ৰোডৰ এখন অভিজাত হোটেলত ৰেভ পাৰ্টি চলি আছিল যেতিয়া আৰক্ষীৰ এটা দলে ঠাইখনত অভিযান চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল। কাপুৰৰ উপৰিও আৰু পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ইতিমধ্যে আৰক্ষীৰ সূত্ৰই জনায়।