যি কোনো ঘৰ বা ভৱনত মূখ্য দ্বাৰ বা মূল দুৱাৰ থাকে। এই মখ্য দুৱাৰৰ অতি মহত্ব আছে। এই দুৱাৰৰ সঠিক নিৰ্ধাৰণে গৃহস্বামীৰ বা ঘৰৰ মুৰব্বী জনৰ সফলতা আনে আৰু ইয়াৰ বিপৰীতে যদি প্ৰৱেশদ্বাৰ বা মুখ্য দুৱাৰ সঠিক স্থানত নাথাকে তেনেহ’লে আকস্মিকৰূপে কিছুমান দুৰ্ঘটনা ঘটা দেখিবলৈ পোৱা যায়।
ঘৰ বা ভৱনৰ প্ৰৱেশ দুৱাৰ অন্য দুৱাৰৰ তুলনাত ডাঙৰ হোৱা উচিত। মুখ্য দুৱাৰ ভিতৰ আৰু বাহিৰ দুই ফালে খুলিব পৰা হ’ব লাগে।কিন্তু যিমান দুৰলৈ সম্ভৱ মুখ্য দুৱাৰ ভিতৰ ফাললৈ খুলিব পৰা হ’ব লাগে। প্ৰৱেশ দ্বাৰ সুন্দৰ আৰু মজবুত হ’ব লাগে।কাঠৰ হ’লে অধিক প্ৰভাৱশালী হয়। মুখ্য দুৱাৰৰ সন্মুখত কোনো ধৰণৰ অন্য দুৱাৰ বা কক্ষ থাকিব নালাগে।
প্ৰৱেশ দ্বাৰ সম্পূৰ্ণৰূপে বন্ধ হোৱা উচিত। তাত কোনো ছিদ্ৰ আদি হোৱা অনুচিত। প্ৰৱেশদ্বাৰৰ ওপৰত ‘ গণেশ প্ৰতিমা’ লগোৱা অনুচিত।
প্ৰৱেশ দ্বাৰৰ সন্মুখত বাহিৰৰ ফালে কোনো বৃক্ষ, মন্দিৰ , খুঁটা আদি থকা উচিত নহয়। প্ৰৱেশ দুৱাৰৰ দুটা পাল্লা সমান হোৱা উচিত।
জোতা , চেণ্ডেল ৰখাৰ ব্যৱস্থা প্ৰৱেশ দুৱাৰৰ বাহিৰতে হ’ব লাগে। যদি সম্ভৱ নহয় প্ৰৱেশ দ্বাৰৰ ওচৰতে ভিতৰত কোনো কোণত ৰখা উচিত।
মনৰ শান্তিৰ কাৰণে মুখ্য প্ৰৱেশ দুৱাৰৰ বাহিৰত ঠিক সন্মুখত পুৱা আৰু সন্ধ্যা পানী ছটিওৱা উচিত। ৰঙীন আলপনা বা ৰঙ্গোলীৰ নিৰ্মাণ কৰিলে শুভ মনা যায়।