মৃদু আৰু মধ্যমীয়া ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে এণ্টিভাইৰেল ঔষধ ‘ক্লিভিৰা’ টেবলেটক ভাৰত চৰকাৰে অনুমোদন প্ৰদান কৰিছে।
” ‘ক্লিভিৰা’ এবিধ এণ্টিভাইৰেল টেবলেট। যাক মৃদুৰ পৰা মধ্যমীয়া ক’ভিড আক্ৰান্ত ৰোগীয়ে চিকিৎসাৰ সহায়ক হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াক গ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰে অনুমোদন প্ৰদান কৰিছে”, এপেক্স লেবৰটৰীজ প্ৰাইভেট লিমিটেডে এখন প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰে।
‘ক্লিভিৰা’ক ২০১৭ চনত ডেংগু ৰোগীৰ চিকিৎসাৰ বাবে বজাৰত মুকলি কৰা হৈছিল। যোৱা বছৰ দেশত ক’ভিড ৰোগী বৃদ্ধি হোৱাৰ পাছত ঔষধটোক মৃদুৰ পৰা মধ্যমীয়া কৰ’না ভাইৰাছৰ লক্ষণৰ ভাইৰেল সংক্ৰমণৰ সহায়ক চিকিৎসা হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছিল।
উল্লেখযোগ্য যে প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ‘ক্লিভিৰা’ৰে চিকিৎসা কৰা ৮৬ শতাংশ ৰোগী চিকিৎসাৰ ৫ম দিনত সুস্থ হৈ উঠিছে। আনহাতে ১০ম দিনত সুস্থতাৰ হাৰ সম্পূৰ্ণ ১০০ শতাংশ।
ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান আৰু আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা গঠিত ১২ জনীয়া এক কাৰিকৰী সমিতি আৰু ড° এছ কে মৌলিকৰ তত্ত্বাৱধানত আন্তঃশাখা কাৰিকৰী সমীক্ষা সমিতিত পৰীক্ষণৰ বিভিন্ন স্তৰৰ মাজেৰে এই ঔষধটোৱে অনুমোদন লাভ কৰিছে।
এপেক্স লেবৰটৰীজৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় প্ৰবন্ধক চি আৰ্থাৰ পলে কয়, “এণ্টিভাইৰেল ঔষধে ভাইৰেলৰ মাত্ৰা হ্ৰাস কৰাৰ উপৰিও স্বাভাৱিক পৰিসৰৰ ভিতৰত শ্বেত ৰক্ত কোষ (ডব্লিউবিচি), প্লেটলেট আৰু লিম্ফোচাইট যথেষ্ট পৰিমাণে বৃদ্ধি কৰে, সেয়েহে ৰোগীয়ে সকলো লক্ষণৰ পৰা দ্ৰুতগতিত আৰোগ্য লাভ কৰে”।
কিডনী আৰু লিভাৰক সুৰক্ষা দান কৰা এই ঔষধ ২ বছৰৰ উৰ্ধৰ সকলো লোকেই ব্যৱহাৰ কৰিব পাৰিব বুলিও তেখেতসকলে প্ৰকাশ কৰিছে।