নিশা ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ আৰু লুমছুলুমত পুনৰ ভয়াৱহ ভূমিস্খলন সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷
গুৱাহাটী-বৰাক সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত ভূূমিস্খলনৰ অৱস্থাৰ আৰু অৱনতি ঘটিছে ৷ পথটোৰ কেইবাটাও স্থানত ক্ৰমাত ভয়াৱহভাৱে ভূমিস্খলন হোৱাৰ ফলত ব্যাহত হৈ পৰিছে গুৱাহাটী-বৰাক সংযোগী যাতায়ত৷ যাৰ ফলত দেশৰ আন আন ঠাইসমূহৰো যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে।ব্যাহত হৈ পৰিছে বৰাক, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ যাতায়ত ব্যৱস্থা৷