পায়োৰিয়া ৰোগ হ’লে , দাঁতৰ গুৰিত খৰিকা মাৰিলে দাঁতৰ গুৰিয়েদি তেজ পৰে। দেহত খাদ্যপ্ৰাণ ‘গ’ ৰ অভাৱ হ’লে এই ৰোগ হয়। দাঁতৰ গুৰি অপৰিষ্কাৰ হ’লেও এই ৰোগ হ’ব পাৰে। বন দৰবেৰে আমি ইয়াৰ প্ৰতিকাৰ কৰিব পাৰো জানো আহক-
১) কৰ্দৈ টেঙাৰ শিপা আৰু কেঁহৰাজৰ শিপা ভালদৰে পিহি দাঁতৰ গুৰিত লগালে তেজ ওলোৱা বন্ধ হয়।
২) দিনে তিনিবাৰ মানকৈ কিছুদিন বকুল গছৰ বাকলিৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে।
৩) দূবৰিবন এমুঠি পিহি মুখত ভৰাই দাঁতেৰে কামুৰি কিছু সময় ধৰি থাকিব লাগে।
৪) বঙালী এৰাৰ ঠাৰিৰে ভালদৰে নিয়মীয়াকৈ দাঁ মাজিব লাগে।
৫) ২০ খন মধুৰী পাত এগিলাচ পানীত উতলাই তাত নিমখ দি মুখ কুলকুলিয়াব লাগে।
খাদপ্ৰাণ ‘গ’ যুক্ত আহাৰ যথেষ্ট পৰিমাণে খোৱা উচিত। আমলখি খালে বহু উপকাৰ হয়।