২০২১ চনত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ ফলত ভাৰতৰ প্ৰায় ৫০ লাখ লোক আভ্যন্তৰীণভাৱে স্থানচ্যুত হৈছে ৷ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থীৰ উচ্চায়ুক্তৰ বাৰ্ষিক গ্ল’বেল প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছিল ৷ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি সমগ্ৰ বিশ্বতে যোৱা বছৰ হিংসা, খাদ্যৰ অসুৰক্ষিতা, মানৱ অধিকাৰ উলংঘা, জলবায়ু সংকট, ইউক্ৰেইনৰ যুদ্ধ আদিৰ বাবেই সমগ্ৰ বিশ্বতে ১০ কোটি লোকে ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল।
ইণ্টাৰনেল ডিচপ্লেচমেণ্ট মনিটৰিং চেলে জনোৱা মতে, দুৰ্যোগৰ বাবে সমগ্ৰ বিশ্বতে ২.৩৭ কোটি নতুন আভ্যন্তৰীণ স্থানচ্যুত হৈছে। বিগত বৰ্ষৰ তুলনাত এয়া ৭০ লাখ হ্ৰাস হোৱা বুলিও প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে। প্ৰতিবেদন অনুসৰি ২০২১ চনত দুৰ্যোগৰ ফলত হোৱা স্থানচ্যুতিৰ সংখ্যা সৰ্বাধিক চীন (৬০ লাখ), ফিলিপাইনছ (৫৭ লাখ) আৰু ভাৰতৰ (৪৯ লাখ)। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে দুৰ্যোগৰ ফলত হোৱা স্থানচ্যুতিৰ বেছিভাগেই অস্থায়ী।
আভ্যন্তৰীণভাৱে স্থানচ্যুত হোৱা লোকসকলৰ সৰহ সংখ্যক লোকে নিজ গৃহ অঞ্চললৈ ঘূৰি আহিছিল যদিও দুৰ্যোগৰ বাবে সমগ্ৰ বিশ্বৰ ৫৯ লাখ লোক এতিয়াও স্থানচ্যুত হৈয়েই আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰলৈকে সময়ছোৱাক প্ৰতিবেদনত প্ৰতিফলিত কৰিলেও ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে কয় যে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধকে ধৰি ২০২২ চনৰ আৰম্ভণিতে ঘটা ঘটনাসমূহক আওকাণ কৰাটো অসম্ভৱ।
‘