আজি ঝান্সীৰ ৰাণী লক্ষ্মী বাঈৰ স্মৃতি দিৱস । তেওঁ আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অগ্ৰণী নেত্ৰী । ১৯৫৭ চনৰ চিপাহী বিদ্ৰোহৰ এগৰাকী আগশাৰীৰ নেত্ৰী আছিল তেওঁ । ১৯৫৩ চনৰ নৱেম্বৰত ঝান্সীৰ ৰজাৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ তোলনীয়া পুত্ৰ দামোদৰ ৰাও ৰজা হোৱাৰ নিয়ম আছিল যদিও ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিয়ে ঝান্সীত স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰি ঝান্সীক ব্ৰিটিছ সাম্ৰাজ্যৰ অধীন কৰে । সেই কথাত ক্ষুণ্ণ হৈ পৰে ৰাণী লক্ষ্মী বাই । তেওঁ আন আন ওচৰ-চুবুৰীয়া ৰজাৰ সৈতে লগ হৈ এটা সেনা দল গঠন কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়ে । এই যুদ্ধত প্ৰথমতে সফলতা লাভ কৰিলেও পিছত ১৮৫৮ চনৰে আজিৰ দিনটোত তেওঁৰ মৃত্যু হয় । ১৯৪২ চনত ভাৰতীয় জাতীয়তাবাদীসকলে তেওঁৰ স্মৃতিত ৰাণী ঝান্সী ৰেজিমেণ্ট নামৰ এটা মহিলাৰ জাতীয় সেনা দল গঠন কৰে আৰু এই সশস্ত্ৰ বাহিনীটোৱে কেপ্টেইন লক্ষ্মী ছেহগলৰ নেতৃত্বত দ্বিতীয় বিশ্বযুদ্ধত যুঁজ দিছিল । এইগৰাকী নেত্ৰীলৈ আমাৰ প্ৰণাম ।
আজি বিশ্ববিখ্যাত ঔপন্যাসিক মেক্সিম গৰ্কীৰ স্মৃতি দিৱস । তেওঁৰ প্ৰকৃত নাম আছিল এলেক্সেই মেক্সিমভিছ পেচকভ । মেক্সিম গৰ্কী তেওঁৰ ছদ্মনামহে আছিল আৰু সেই নামটোৰেই তেওঁ বিখ্যাত হৈ পৰে । তেওঁ ৰাছিয়াৰ এগৰাকী গল্পকাৰ, নাট্যকাৰ আৰু ৰাজনৈতিক কৰ্মীও আছিল । ১৯০৬ চনত প্ৰকাশিত তেওঁৰ ‘মা’ (Mother) নামৰ উপন্যাসখনে বিশ্বসাহিত্যত এক বিশেষ স্থান দখল কৰে । তাৰ পিছত তেওঁৰ চাইল্ডহুড নামৰ আত্মজীৱনীমূলক উপন্যাসখনেও বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে । ১৯৩৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি অভিনেতা তথা নাট্যকাৰ লক্ষী বৰঠাকুৰৰ স্মৃতি দিৱস । কলেজীয়া দিনৰে পৰাই নাটকৰ সৈতে জড়িত হৈ পৰা বৰঠাকুৰে তেওঁৰ জীৱনকালত ২৮ খন চলচ্চিত্ৰ, ৭৮খন ধাৰাবাহিক, ২০খন টেলিফিল্ম আৰু ৩০খন অনাতাঁৰ নাটত অভিনয় কৰে । তেওঁ ১০খন একাংকিকা আৰু এখন পূৰ্ণাংগ নাট ৰচনা কৰে । গান্ধাৰী আৰু বেদব্যাস তেওঁৰ অনূদিত গ্ৰন্থ । দূৰদৰ্শন ধাৰাবাহিক ঘৰত কোন আছে, মলক গুইন গুইন আদি তেওঁ অভিনীত উল্লেখযোগ্য ধাৰাবাহিক । ভবেন্দ্ৰ নাথ শইকীয়াৰ সাৰথিৰ উপৰি তেওঁ হলধৰ, যৌৱনে আমনি কৰে, মাঘত মামণিৰ বিয়া আদি চলচ্চিত্ৰত অভিনয় কৰে । ২০১৫ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি দৌৰবিদ মিলখা সিঙৰ স্মৃতি দিৱস । তেওঁ উৰন্ত শিখ নামেৰে জনাজাত । কমনৱেলথ গেমছৰ ব্যক্তিগত শাখাত এথলেটিকছৰ প্ৰথমগৰাকী ভাৰতীয় স্বৰ্ণ পদক প্ৰাপক আছিল তেওঁ । ক্ৰীড়া জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে । তেওঁ নিজৰ জীয়ৰীৰ সহযোগত The Race of my Life নামৰ আত্মজীৱনী এখন লিখি উলিয়ায় । এই গ্ৰন্থখনৰ আধাৰতে ‘ভাগ মিলখা ভাগ’ (২০১৩) নামৰ এখন চলচ্চিত্ৰও নিৰ্মাণ হয় । ২০২১ চনৰ আজিৰ দিনটোতে মোহালীত তেওঁৰ দেহাৱসান ঘটে । ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ভলীবল দলৰ প্ৰাক্তন অধিনায়ক নিৰ্মল ছাইনী তেওঁৰ পত্নী আছিল । এইগৰাকী দৌৰবিদলৈ আমাৰ প্ৰণাম ।