ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে অতি তৎপৰতাৰে অসম চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিছে।বৃহস্পতিবাৰে অসম-মিজোৰামৰ সংঘাতক লৈ এক আলোচনা হোৱাৰ পিছত পুনৰ শুক্ৰবাৰে অসম-মেঘালয় বিবাদৰ অন্ত পেলাবলৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ‘য়।
সীমা সংঘাতক লৈ অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা উপস্থিত থাকে।খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই সভাত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হ’য়।
ইয়াৰপূৰ্বেও দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক সম্পৰ্ক দৃঢ় কৰিবলৈ ২৩ জুলাইত চিলঙৰত প্ৰথমলানি বৈঠক অনুষ্ঠিত হৈছিল। কালি এই দ্বিতীয়লানি বৈঠকত অসম-মেঘালয় সীমান্তৰ ১২ টা অঞ্চলত হোৱা সীমা বিবাদৰ বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰা হ‘য়।
উল্লেখযোগ্য যে শেহতীয়াকৈ অসম-মেঘালয় সীমান্তৰ কেইবাটাও অঞ্চলত বিদ্যু যোগানক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ সংঘাত।কালিৰ বৈঠকৰ পিছত দুয়োখন ৰাজ্যৰ মাজত সঘনাই হৈ থকা সংঘাত ওৰ পৰিব বুলি আশা কৰা হৈছে।এই বৈঠকত দুয়োখন ৰাজ্যৰ মুখ্য সচিব,আৰক্ষী সঞ্চালক প্ৰধান আৰু শীৰ্ষ প্ৰশাসনিক বিষয়া সকলো উপস্থিত থাকে।