আজি ৰাতিপুৱা ভাৰতৰ চুবুৰীয়া আফগানিস্তান আৰু পাকিস্তানত ভয়াবহ ভূমিকম্প ৷ ৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল আফগানিস্তান। এই শক্তিশালী ভূমিকম্পত আফগানিস্তানত কমেও ২৫০ জন লোকৰ মৃত্যু হৈছে আৰু বহুলোক আহত হৈছে।
আনহাতে আন দুখন চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু মালয়েছিয়াতো ভূমিকম্পৰ এই কম্পন অনুভৱ কৰা হৈছিল।
এই মুহূৰ্তলৈকে পাকিস্তানত কাৰো প্ৰাণ হানি হোৱাৰ খবৰ পোৱা নাই। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, মালয়েছিয়াৰ কিছু অংশত ৫.১ প্ৰাবল্যৰ ভূমিকম্পও হৈছিল। জানিব পৰা মতে ভূমিকম্পৰ কেন্দ্ৰস্থল ৰাজধানী কুয়ালালামপুৰৰ পৰা ৫৬১ কিলোমিটাৰ পশ্চিমত আছিল।
বুধবাৰে পুৱতি নিশা পাকিস্তানৰ পঞ্জাৱ আৰু খাইবাৰ পাখতুনখোৱাৰ কিছু অংশত ৬.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়৷ ইছলামাবাদ, মুলতান, ভাকাৰ, ফালিয়া, পেছাৱাৰ, মালকান্দ, স্বাত, মিয়ানৱালী, পাকপত্তন আৰু বুনেৰকে ধৰি কেইবাখনো ঠাইত কম্পন অনুভৱ কৰা হয়৷ ভূমিকম্পৰ কেন্দ্ৰস্থল আফগানিস্তানৰ খোষ্টৰ দক্ষিণ-পশ্চিমত আছিল।