আগষ্ট মাহত সমগ্ৰ দেশতে প্ৰায় ১৫ দিন বেংক বন্ধ থাকিব। আপোনাৰ যদিহে বেংক সম্বন্ধীয় দৰকাৰী কাম আছে তেন্তে সোনকালে কৰি পেলাওক।
ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) আগষ্ট মাহৰ বাবে বন্ধৰ এখন তালিকা জাৰী কৰিছে। এই ১৫ দিন সপ্তাহান্তৰ বন্ধৰ লগতে ৰাজ্য-আধাৰিত বন্ধ, উৎসৱ আৰু ধৰ্মীয় উদযাপনৰ সংমিশ্ৰণ। তালিকাৰ ৮ দিন অন্যান্য বন্ধ আৰু বাকী ৭ দিন সপ্তাহান্তৰ বন্ধ আৰু দ্বিতীয় শনিবাৰ।
আগষ্ট মাহৰ ১ তাৰিখ দেওবাৰৰ সৈতেই বন্ধৰ প্ৰকৃত তালিকাখন আৰম্ভ হয়। ইম্ফলৰ দেশপ্ৰেম দিৱস ১৩ আগষ্টৰ পৰা আৰম্ভ হ’ব বন্ধৰ আনুষ্ঠানিক তালিকা। যিহেতু এই প্ৰতিবেদনৰ সময়ত ১ আগষ্ট ইতিমধ্যে পাৰ হৈ গৈছে সেয়ে ভাৰতৰ বেংকবোৰৰ বাবে মুঠ ১৪ টা বন্ধ এতিয়াও আপোনাৰ হাতত আছে।
মন কৰিব লগীয়া যে সকলো বেংকৰ বাবে বন্ধৰ তালিকাখন একে নহয়, কিয়নো বন্ধৰ দিনবোৰ নিৰ্দিষ্ট তাৰিখৰ বাবে ৰাজ্য অনুসৰি বা অঞ্চল অনুসৰিও হয়। গতিকে বেংকলৈ আপোনাৰ পৰৱৰ্তী ভ্ৰমণৰ পৰিকল্পনা কৰোতে সাৱধান হ’ব। সমগ্ৰ তালিকাৰ ভিতৰত মাত্ৰ দুটা দিনহে সমগ্ৰ দেশৰ বেছিভাগ বেংক বন্ধ থাকিব, ১৯ আগষ্ট আৰু ৩০ আগষ্ট।
এই ২ টা দিনৰ বাহিৰে সপ্তাহান্তৰ আৰু দ্বিতীয় শনিবাৰ বাদ দি বন্ধবোৰ সকলো অঞ্চলতে পৃথক। বন্ধবোৰ ভালদৰে লক্ষ্য কৰি আপোনাৰ বেংক সম্বন্ধীয় কাম-কাজ আগবঢ়াই নিব পাৰিব।
ৰিজাৰ্ভ বেংকৰ তালিকা অনুসৰি ভাৰতৰ বেংকসমূহৰ বন্ধৰ তালিকাখন এনে ধৰণৰ-
১) আগষ্ট ৮, ২০২১ – দেওবাৰ
২) আগষ্ট ১৩, ২০২১ – দেশপ্ৰেম দিৱস (ইম্ফল)
৩) আগষ্ট ১৪, ২০২১ – দ্বিতীয় শনিবাৰ
৪) আগষ্ট ১৫, ২০২১ – দেওবাৰ
৫) আগষ্ট ১৬, ২০২১- পাৰ্চ নৱবৰ্ষ (শ্বাহেনশাহী) / (বেলাপুৰ, মুম্বাই আৰু নাগপুৰ)
৬) আগষ্ট ১৯, ২০২১- মহৰম (আশূৰা) / (আগৰতলা, আহমেদাবাদ, বেলাপুৰ, ভূপাল, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা, ৰায়পুৰ, ৰাঁচী আৰু শ্ৰীনগৰ)
৭) আগষ্ট ২০, ২০২১ – মহৰম/প্ৰথম ওনাম (বেংগালুৰু, চেন্নাই, কোচি আৰু তিৰুৱন্তপুৰম)
৮) আগষ্ট ২১, ২০২১ – থিৰুভনম (তিৰুৱন্তপুৰম আৰু কোচি)
৯) আগষ্ট ২২, ২০২১ – দেওবাৰ
১০) আগষ্ট ২৩, ২০২১ – শ্ৰী নাৰায়ণ গুৰু জয়ন্তী (তিৰুৱন্তপুৰম আৰু কোচি)
১১) আগষ্ট ২৮, ২০২১- চতুৰ্থ শনিবাৰে
১২) আগষ্ট ২৯, ২০২১ – দেওবাৰ
১৩) আগষ্ট ৩০, ২০২১ – জন্মাষ্টমী (শ্ৰৱণ ভাদ-৮) /কৃষ্ণ জয়ন্তী (আহমেদাবাদ, চণ্ডিগড়, চেন্নাই, ডেৰাডুন, জয়পুৰ, জম্মু, কানপুৰ, লক্ষ্ণৌ, পাটনা, ৰায়পুৰ, ৰাঁচী
১৪) আগষ্ট ৩১, ২০২১- শ্ৰীকৃষ্ণ অষ্টমী।