সমগ্ৰ দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড -১৯ৰ ভয়াবহতা ৷ আজি ভাৰতত ১৩,৩১৩ গৰাকী নতুন কোভিড-১৯ৰোগী চিনাক্ত কৰাৰ ফলত সংক্ৰমণৰ মুঠ সংখ্যা ৪,৩৩,৪৪,৯৫৮ লৈ বৃদ্ধি পাইছে । ইফালে ক’ভিডৰ সক্ৰিয় ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে ৮৩,৯৯০ লৈ ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত নতুনকৈ ৩৮ জন লোকৰ মৃত্যুৰ সৈতে সৰ্বমুঠ মৃত্যুৰ সংখ্যা ৫,২৪,৯৪১ লৈ বৃদ্ধি পাইছে।মৃত্যু হোৱা এই ৩৮ জন ক’ভিড ৰোগীৰ কেৰালাৰ ২০ জন, উত্তৰ প্ৰদেশৰ চাৰিজন, দিল্লী আৰু মহাৰাষ্ট্ৰৰ তিনিজন, পঞ্জাৱ আৰু পশ্চিম বংগৰ পৰা দুজনকৈ , হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ আৰু মিজোৰামৰ এজনকৈ বুলি জানিব পৰা গৈছে।
আনহাতে দেশত ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৫,২৪,৯৪১ জন লোকৰ ভিতৰত মহাৰাষ্ট্ৰত মৃত্যু হৈছে ১,৪৭,৮৯২ জনৰ, কেৰালাত ৬৯,৯১৭ জনৰ, কৰ্ণাটকত ৪০,১১৩ জনৰ, তামিলনাডুত ৩৮,০২৬ জনৰ, দিল্লীত ২৬,২৪২ জন, উত্তৰ প্ৰদেশত ২৩,৫৩২ জন আৰু পশ্চিমবংগত ২১,২১২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
মন্ত্ৰালয়ে কয় যে, সক্ৰিয় ঘটনাবোৰৰ মুঠ সংক্ৰমণৰ হাৰ হৈছেগৈ ০.১৯ শতাংশ ৷ আনহাতে ৰাষ্ট্ৰীয় ক’ভিড-১৯ পুনৰুদ্ধাৰৰ হাৰ ৯৮.৬০ শতাংশ ৷ তথ্য অনুসৰি দৈনিক ক’ভিড সংক্ৰমণৰ হাৰ ২.০৩ শতাংশ আৰু সাপ্তাহিক হাৰ ২.৮১ শতাংশ বুলি জানিব পৰা গৈছে ।
আনহাতে ৰোগটোৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি হৈছে, আনহাতে মৃত্যুৰ হাৰ ১.২১ শতাংশ নথিভুক্ত কৰা হৈছে।
মন্ত্ৰালয়ৰ মতে, দেশজুৰি ক’ভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে দেশত ১৯৬.৬২ কোটি কোভিড ভেকছিন প্ৰদান কৰা হৈছে।