সংশ্লিষ্ট আইনৰ পৰিৱৰ্তনৰ জৰিয়তে, ছয় বছৰ বা ততোধিক শাস্তি পাবলগীয়া যিকোনো অপৰাধৰ সকলো ক্ষেত্ৰতে ফৰেনচিক তদন্ত বাধ্যতামূলক কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে ‘দেওবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই কথা কয়।
গুজৰাটৰ কেভাদিয়াত অনুষ্ঠিত এখন সভাত ‘ফৰেনচিক বিজ্ঞানৰ ক্ষমতা আৰু সময়সীমাৰ শক্তিশালীকৰণ আৰু বৈজ্ঞানিক অনুসন্ধান’ বিষয়ৰ এখন সভাত সভাপতিত্ব কৰি গৃহ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিক সম্বোধন কৰি এই মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে ।
শ্বাহে ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি আৰু ভাৰতীয় প্ৰমাণ আইনৰ প্ৰস্তাৱিত ব্যাপক সংশোধনৰ জৰিয়তে প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত এক স্বতন্ত্ৰ অভিযোজন সঞ্চালকালয় আৰু ফৰেনচিক বিজ্ঞানৰ এক স্বতন্ত্ৰ সঞ্চালকালয় স্থাপনৰো আহ্বান জনায়।
শ্বাহে তেওঁলোকৰ দ্বাৰা প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি তদন্তকাৰী সংস্থাসমূহক অপৰাধীতকৈ এখোজ আগুৱাই যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সহযোগত আৰক্ষী অনুসন্ধান, অভিযোজন আৰু ফৰেনচিকৰ সংস্কাৰৰ ক্ষেত্ৰত তিনিমুখী দৃষ্টিভংগীৰ ওপৰত কাম কৰি আছে।
তেওঁ লগতে কয় যে, দোষী সাব্যস্ত হোৱাৰ হাৰ প্ৰাপ্ত কৰাৰ বাবে প্ৰযুক্তি-আধাৰিত আৰু প্ৰমাণ-আধাৰিত অনুসন্ধানৰ ওপৰত গুৰুত্ব দিয়াৰ এইটো সঠিক সময়।
শ্বাহে সদস্যসকলক জনাইছিল যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ফৰেনচিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে পুঁজি প্ৰদান কৰি আছে, যাৰ ভিতৰত আছে প্ৰতিখন জিলাত মোবাইল ফৰেনচিক বিজ্ঞান গোট স্থাপন কৰা ৷ আনহাতে এই গোটবোৰে এখন জিলাত কমেও তিনিটা খণ্ডত সেৱা আগবঢ়াব’।
উল্লেখযোগ্য যে উক্ত বৈঠকত সাংসদ, গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়, অজয় কুমাৰ মিশ্ৰ, নিশিথ প্ৰমানিক আৰু কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ লগতে এম এইচ এ, এন চি আৰ বি আৰু ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকত বিশেষকৈ ফৰেনচিক অনুসন্ধানৰ ওপৰত অপৰাধী ন্যায় ব্যৱস্থাৰ বৰ্ধিত নিৰ্ভৰশীলতাৰ প্ৰতি লক্ষ্য ৰাখি দেশত উপলব্ধ ফৰেনচিক বিজ্ঞানৰ সামৰ্থ্যৰ পৰ্যালোচনা কৰা হয় ৷