মুম্বাইৰ সাগৰ কিৰণত থকা অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেশ্যন লিমিটেডৰ ৰিগৰ সমীপত আজি ৭জন যাত্ৰী আৰু দুজন পাইলটসহ এখন হেলিকপ্টাৰে জৰুৰীকালীন অৱতৰণ কৰে। এই পৰ্যন্ত ৪ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু পৰৱৰ্তী অভিযান চলি আছে বুলিও জানিব পৰা গৈছে।
হেলিকপ্টাৰখনত ছয়জন অ’এনজিচিৰ জোৱানৰ লগতে এজন কোম্পানীটোৰ বাবে কাম কৰা ঠিকাদাৰ যাত্ৰী হিচাপে আছিল ৷ ফ্ল’টাৰ ব্যৱহাৰ কৰি হেলিকপ্টাৰ খনে অৱতৰণ কৰিবলৈ বাধ্য হৈছিল ৷ যিয়ে পাৰৰ পৰা অফশ্ব’ৰ ইনষ্টলেশ্যনলৈ কৰ্মী আৰু সামগ্ৰী কঢ়িয়াই নিয়াৰ দায়িত্বত আছিল ৷ জৰুৰীকালীন অৱতৰণৰ বাবে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই । অন্যান্য সবিশেষৰ বাবেও অপেক্ষা কৰা হৈছে ৷
আৰব সাগৰত অ’ এন জি চিৰ কেইবাটাও ৰিগ আৰু ইনষ্টলেশ্যন আছে যিবোৰ সাগৰৰ তলৰ জলাশয়ৰ পৰা তেল আৰু গেছ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়।