অহা ১ জুলাইৰ পৰা সমগ্ৰ দেশতে বন্ধ হ’ব ছিংগল ইউছ প্লাষ্টিক ৷ ২০২২ চনৰ ভিতৰত ছিংগল ইউছ প্লাষ্টিক সামগ্ৰী পৰ্যায়ক্ৰমে বন্ধ কৰাৰ প্ৰয়াসৰ অংশ হিচাপে কেন্দ্ৰই মঙলবাৰে ঘোষণা কৰে যে ছিংগল ইউছ প্লাষ্টিক সামগ্ৰীৰ নিৰ্মাণ, আমদানি, মজুতকৰণ, বিতৰণ, বিক্ৰী, আৰু ব্যৱহাৰ ১ জুলাইৰ পৰা নিষিদ্ধ কৰিব ।পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এক বিবৃতিত কয় যে চিনাক্ত কৰা ছিংগল ইউছ প্লাষ্টিক সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা ফলপ্ৰসূভাৱে বলবৎ কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ’ব।
নিষিদ্ধ ছিংগল ইউছ প্লাষ্টিক সামগ্ৰীৰ অবৈধ নিৰ্মাণ, আমদানি, মজুতকৰণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰৰ পৰীক্ষাৰ বাবেও বিশেষ বলবৎকাৰী দল গঠন কৰা হ’ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
মন্ত্ৰালয়ে লগতে কয় যে কোনো নিষিদ্ধ ছিংগল ইউছ প্লাষ্টিক সামগ্ৰীৰ আন্তঃৰাজ্যিক গতিবিধি বন্ধ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সীমান্তত চেকপইণ্ট স্থাপন কৰিবলৈ নির্দেশ দিয়া হৈছে।
নিষিদ্ধ ছিংগল ইউছ প্লাষ্টিকৰ সামগ্ৰীৰ তালিকাত আছে – প্লাষ্টিকৰ লাঠিযুক্ত ইয়াৰবাড, বেলুনৰ বাবে প্লাষ্টিকৰ লাঠি, প্লাষ্টিকৰ পতাকা, মিঠাইৰ লাঠি, আইচক্ৰীমৰ লাঠি, সজোৱাৰ বাবে পলিষ্টাইৰিন (থাৰ্মোকল), প্লাষ্টিকৰ প্লেট, কাপ, কাঁটাচামুচ , চামুচ আদি ৷ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা সংশোধনী নিয়ম, ২০২১ত ইতিমধ্যে ৭৫ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিকৰ কেৰী বেগ নিৰ্মাণ, আমদানি, মজুত কৰা, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও ২০২২ চনৰ ৩১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ১২০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিকৰ কেৰী বেগ নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷